অসম

assam

PM Modi gifts to US first lady : আমেৰিকাৰ ফাৰ্ষ্ট লেডীক হীৰা উপহাৰ প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Jun 22, 2023, 11:38 AM IST

Updated : Jun 22, 2023, 12:28 PM IST

আমেৰিকা ভ্ৰমণৰ মাজতে ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনক কেইবাটাও গুৰুত্বপূৰ্ণ উপহাৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । হীৰাৰ পৰা আৰম্ভ কৰি থলুৱা ঘিলৈ বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী আছে উপহাৰৰ টোপোলাত ।

PM Modi gifts to US first lady
আমেৰিকাৰ ফাৰ্ষ্ট লেডীক হীৰা উপহাৰ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২২ জুন :আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বিডেনক পৰীক্ষাগাৰত প্ৰস্তুত কৰা এটা ৭.৫ কেৰেটৰ গ্ৰীণ হীৰা উপহাৰ দিয়ে । এই হীৰাটোৱে পৃথিৱীত উদ্ধাৰ হোৱা হীৰাৰ ৰাসায়নিক আৰু অপ্টিকেল গুণাগুণ প্ৰতিফলিত কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰৰ মতে ই পৰিৱেশ অনুকূল, কিয়নো ইয়াক সৌৰ আৰু বতাহৰ শক্তিৰ দৰে প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে ।

গ্ৰীণ হীৰাটো এটা পেপিয়েৰ মেকত ৰখা হৈছিল । কাৰ-ই-কালামদানী নামেৰে জনাজাত কাশ্মীৰৰ উৎকৃষ্ট পেপিয়েৰ মেকৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হৈছে । য'ত প্ৰসিদ্ধ শিল্পীসকলে বিস্তৃত ডিজাইন কৰিছে । সূত্ৰৰ মতে গ্ৰীণ হীৰা হৈছে দায়িত্বশীল বিলাসিতাৰ এক আলোকচিত্ৰ যি ভাৰতৰ ৭৫ বছৰৰ স্বাধীনতা আৰু বহনক্ষম আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰতীক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনক এক বিশেষ চন্দন বাকচো উপহাৰ হিচাপে প্ৰদান কৰে । চন্দনৰ বাকচটো ৰাজস্থানৰ জয়পুৰৰ এগৰাকী নিপুণ শিল্পীয়ে প্ৰস্তুত কৰিছে । কৰ্ণাটকৰ মহীশূৰৰ পৰা আহৰণ কৰা এই চন্দন কাঠত উদ্ভিদ আৰু জীৱ-জন্তুৰ চিত্ৰ খোদিত কৰা হৈছে । বাকচটোৰ ভিতৰত ভগৱান গণেশৰ মূৰ্তি আছে । এই মূৰ্তিটো কলকাতাৰ পঞ্চম প্ৰজন্মৰ ৰূপালী পৰিয়ালে প্ৰস্তুত কৰিছে । বাকচটোত এগছি তেলৰ চাকিও আছে যিয়ে প্ৰতিটো হিন্দু পৰিয়ালৰ এক পৱিত্ৰ স্থান দখল কৰে ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনক কেইবাটাও বহুমূলীয়া উপহাৰ প্ৰদান কৰে । তাৰ ভিতৰত আছে পঞ্জাৱৰ থলুৱা ঘি, ৰাজস্থানৰ হস্তনিৰ্মিত ২৪ কেৰেটৰ হলমাৰ্ক থকা সোণৰ মুদ্ৰা, ৯৯.৫ শতাংশ কেৰেটৰ ৰূপৰ মুদ্ৰা, উত্তৰাখণ্ডৰ পৰা চাউল, গুজৰাটৰ নিমখ, মহাৰাষ্ট্ৰৰ গুড়, তামিলনাডুৰ তিল, কৰ্ণাটকৰ মহীশূৰৰ চন্দনৰ টুকুৰা, পশ্চিমবংগৰ শিল্পীয়ে নিৰ্মাণ কৰা ৰূপৰ নাৰিকল । আনহাতে ৰাষ্ট্ৰপতি জ' বিডেনেও ইয়াৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেইবাটাও বিশেষ উপহাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :PM Modi US visit : আমেৰিকাৰ ৰাষ্ট্ৰপতিক কি কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

Last Updated : Jun 22, 2023, 12:28 PM IST

ABOUT THE AUTHOR

...view details