অসম

assam

By

Published : Oct 23, 2021, 12:37 PM IST

ETV Bharat / bharat

দেশৰ সাতটা ক’ভিড ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

দেশে 100 কোটি জনসাধাৰণক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবেই শনিবাৰে ভাৰতৰ সাতটা ক’ভিড প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

PM Modi to meet 7 Indian Covid vaccine manufacturers on Saturday
দেশৰ সাতটা ক’ভিড ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ : শনিবাৰে দেশৰ সাতটাকৈ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ভাৰতে 100 কোটি ভেকচিন পালি প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবেই ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কেইটাৰে প্ৰতিনিধিৰে এই বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী ৷

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, ভাৰত বায়’টেক, ডাঃ ৰেড্ডী লেবৰেটৰিজ, জিডাছ কেডিলা, বায়’ল’জিকেল ই, জেনোভা বায়’ফাৰ্মা, পেনেচিয়া বায়’টেকৰ প্ৰতিনিধি উপস্থিত থাকিব প্ৰধানমন্ত্ৰীৰে সৈতে হ’বলগীয়া উক্ত বৈঠকত ৷ প্ৰধানমন্ত্ৰীয়ে যিমান সম্ভৱ সোনকালে দেশৰ উপযুক্ত লোকসকলক দুয়োপালি ভেকচিন প্ৰদানৰ সমান্তৰালকৈ ‘সকলোৰে বাবে ভেকচিন’ আঁচনিৰ অংশ হিচাপে অন্যান্য দেশকো ভেকচিন লাভত সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ৷

শনিবাৰে পুৱা 7 বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি দেশে বৰ্তমানলৈকে ভেকচিনৰ 101.30 কোটি পালি প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ 21 অক্টোবৰত দেশে 100 কোটি ভেকচিন পালি প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ইয়াক উদযাপন কৰা হয় ৷

ভাৰতৰ মুঠ জনসংখ্যাৰ 75 শতাংশই অতি কমেই এটা পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ ইয়াৰ ভিতৰত 9 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ক্ৰমে, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, গোৱা, উত্তৰাখণ্ড, দদৰা আৰু নগৰ হাভেলী, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু ছিকিমে 100 শতাংশ লোকক ক’ভিডৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ বিবৃতি অনুসৰি দেশৰ 93 কোটি প্ৰাপ্তবয়স্কৰ 31 শতাংশই ক’ভিডৰ দুয়োটা পালি ভেকচিন গ্ৰহণ কৰিছে ৷ দেশৰ ক’ভিড ভেকচিনেছন ড্ৰাইভত ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু স্পুটনিক ভি আৰু চেৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা : হিতাধিকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details