অসম

assam

ETV Bharat / bharat

আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা : হিতাধিকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে - প্ৰথমখন যাত্ৰীবাহী বৈদ্যুতিক ৰে'ল

শনিবাৰে আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যসূচী(Aatmanirbhar Bharat Swayampurna Goa programme)ৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেন্সযোগে হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Prime Minister Narendra Modi
আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যসূচীৰ হিতাধিকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Oct 23, 2021, 10:36 AM IST

নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে শনিবাৰে আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যসূচী(Aatmanirbhar Bharat Swayampurna Goa programme)ৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব । মত বিনিময় অনুষ্ঠানৰ পাচতে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব ।

দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেন্সযোগে হিতাধিকাৰী আৰু অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত(Promod Sawant) আজিৰ অনুষ্ঠানটোত উপস্থিত থাকিব । এই কাৰ্যসূচীৰ অধীনত, ৰাজ্য চৰকাৰৰ এজন বিষয়াক 'স্বয়ংপূৰ্ণ মিত্ৰ' হিচাপে নিযুক্তি দিয়া হৈছে ।

'স্বয়ংপূৰ্ণ মিত্ৰ'ই নিৰ্ধাৰিত পঞ্চায়ত বা পৌৰসভা পৰিদৰ্শন কৰে আৰু মানুহৰ সৈতে মত বিনিময় কৰে । লগতে বহুকেইটা চৰকাৰী বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰে আৰু যোগ্য হিতাধিকাৰীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাতো নিশ্চিত কৰে । স্বয়ংপূৰ্ণ গোৱা কাৰ্যসূচী ২০২০ চনৰ ১ অক্টোবৰত আৰম্ভ কৰা হৈছিল ।

উল্লেখ্য যে, আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনতে ইতিহাস ৰচনা কৰি শুকুৰবাৰে অসমত চলে প্ৰথমখন যাত্ৰীবাহী বৈদ্যুতিক ৰে'ল । দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী বিদ্যুৎ চালিত ইঞ্জিনযুক্ত ১৪০৫৫ উজনিমুৱা ব্ৰহ্মপুত্র মেইলখন শুকুৰবাৰে দিনৰ ১.২০ বজাত গুৱাহাটীৰ কামাখ্যা ৰে'লৱে জংচনত উপস্থিত হয় ।

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰ : বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী

ABOUT THE AUTHOR

...view details