নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল :কেৰালাৰ ৰাইজৰ বাবে এক ভাল খবৰ । মঙলবাৰে অৰ্থাৎ আজি কেৰালাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বহু প্ৰত্যাশিত ৱাটাৰ মেট্ৰ’ (PM Modi to inaugurate Water Metro)। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কেৰালাত আৰম্ভ হ'ব এই ৱাটাৰ মেট্ৰ’ৰ সেৱা ।
আৰম্ভণিতে, ইয়াৰ সেৱা সীমিত হ'ব ৷ কিন্তু লাহে লাহে ইয়াক সম্প্ৰসাৰিত কৰা হ’ব বুলি জানিব পৰা গৈছে । এই সেৱা সস্তা আৰু সুলভ হ'ব । তথ্য অনুসৰি, আৰম্ভণিতে ৱাটাৰ মেট্ৰ' দুটা পথত চলোৱা হ'ব (Water Metro in India)। যেতিয়া এই সেৱা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব, কোচিৰ চাৰিওফালে থকা ১০ টা দ্বীপ সংযোগ কৰা হ'ব । যাৰ ফলত দ্বীপ কেইটাৰ মাজত যোগাযোগ সহজ আৰু নিৰৱচ্ছিন্ন হ'ব ।
এই ৱাটাৰ মেট্ৰ’ বেটাৰিৰ দ্বাৰা চালিত । ইয়াক পৰিৱেশ-অনুকূল বুলি বৰ্ণনা কোৱা হৈছে । ইয়াক হাইব্ৰিড নাও বুলিও কোৱা হয় । কেৰালাৰ উন্নয়নৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কোৱা হৈছে (First Water Metro in India)। এই সেৱা আৰম্ভ কৰাৰ কাৰণ হৈছে কোচি বহুতো দ্বীপেৰে আগুৰি আছে । সেই দ্বীপসমূহৰ ভিতৰত, ১০ টা অতি গুৰুত্বপূৰ্ণ আৰু ঘন বসতিপূৰ্ণ । কোচি মেট্ৰ’ ৰে’ল লিমিটেডৰ পৰিচালনা সঞ্চালকে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে ।