নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ :জি-২০ সন্মিলনৰ সফল আয়োজনৰ পিচত ১৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (পি-২০)। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা । জি-২০ দেশৰ সংসদৰ প্ৰিজাইডিং অফিচাৰৰ উপৰিও আমন্ত্ৰিত দেশৰ সংসদৰ প্ৰিজাইডিং অফিচাৰেও এই সন্মিলনত অংশগ্ৰহণ কৰিব ।
উল্লেখযোগ্য যে, ভাৰতত অনুষ্ঠিত হোৱা পি-২০ সন্মিলনত পান আফ্ৰিকান সংসদৰ সভাপতিয়ে প্ৰাৰম্ভিক অংশগ্ৰহণ কৰিব । নতুন দিল্লীৰ যশোভূমী দ্বাৰকাত নৱনিৰ্মিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰ (আই আই চি চি)ত অনুষ্ঠিত হ’ব এই সন্মিলন ।
ব্ৰাজিলৰ চেম্বাৰ অৱ ডেপুটিজৰ সভাপতি আৰ্থাৰ চেজাৰ পেৰেইৰা ডি লিৰা, হাউছ অৱ কমনছৰ অধ্যক্ষ লিণ্ডচে হয়ল, পান আফ্ৰিকান ইউনিয়নৰ সভাপতি ড৹ আচেবিৰ ডব্লিউ গায়ো আদিয়ে অংশগ্ৰহণ কৰিব । ইতিমধ্যে ৰাজ্য পৰিষদৰ অধ্যক্ষ ওমান শ্বেইখ আব্দুলমালিক আব্দুল্লা আল খালিলি আৰু আই পি ইউৰ সভাপতি ডুয়াৰ্টে পাচেকো এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে ।
বাংলাদেশৰ সংসদৰ অধ্যক্ষ ড৹ শ্বিৰিন শৰ্মিন চৌধুৰী ১০ অক্টোবৰত উপস্থিত হয় । ‘বসুধৈৱ কুটুম্বকম – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ৰ দৰ্শন মানি চলি এই সন্মিলনত বিশ্ব ঐক্য আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে । ইয়াত আমাৰ পৃথিৱীখন যে এক আন্তঃসংযোগী পৰিয়াল আৰু আজি আমাৰ সামূহিক কাৰ্যই সকলোৰে ভৱিষ্যত গঢ় দিয়ে, সেই ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।