অসম

assam

ETV Bharat / bharat

আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন - PM Modi to hold virtual interaction with US President

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত সোমবাৰে অনুষ্ঠিত হ’ব ভাৰ্চুৱেল বৈঠক(PM Modi to hold virtual interaction with US President) ৷ মোডী-বাইডেনে ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ প্ৰায় শেষৰ পৰ্যায়, জলবায়ু সংকটৰ সৈতে মোকাবিলা, বিশ্ব অৰ্থনীতি শক্তিশালী কৰা, ভাৰত-প্ৰশান্ত মহাসাগৰত নিৰাপত্তা, গণতন্ত্ৰ আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে এক মুক্ত, সুনিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বৰ্তাই ৰখাৰ সন্দৰ্ভত আলোচনা কৰিব বুলি দেওবাৰে সদৰি কৰিছে হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে ৷

PM Modi to hold virtual interaction with US President Joe Biden today
আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন

By

Published : Apr 11, 2022, 10:36 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 এপ্ৰিল:দেশৰপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ স্বাৰ্থত বৈঠকত(PM Modi to hold virtual interaction with US President) মিলিত হ’ব ৷ এই বৈঠক ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব ৷

এই বৈঠকত স্থান পাব ক’ভিড-১৯ মহামাৰী(Covid 19 pandemic)ৰ সংক্ৰমণৰ প্ৰায় শেষৰ পৰ্যায়, জলবায়ু সংকট(Climate crisis)ৰ সৈতে মোকাবিলা, বিশ্ব অৰ্থনীতি(Global economy) শক্তিশালী কৰা, ভাৰত-প্ৰশান্ত মহাসাগৰত নিৰাপত্তা বৃদ্ধিৰ দৰে বিষয়সমূহে ৷ হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে দেওবাৰে এই বিষয়ে এনেদৰে সদৰি কৰে ৷

দুয়োগৰাকী নেতাই এক ইণ্ডো-পেচিফিক ইক’ন’মিক ফ্ৰেমৱৰ্কৰ(Indo-Pacific Economic Framework) বিকাশ আৰু উচ্চ মানদণ্ডৰ আন্তঃগাঁথনি প্ৰদানৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াব । ৰাষ্ট্ৰপতি বাইডেনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধৰ পৰিণাম আৰু বিশ্বব্যাপী খাদ্য যোগান আৰু সামগ্ৰীৰ বজাৰত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিব ৷ হোৱাইট হাউচৰ প্ৰেছ সচিবে এক বিবৃতিত এই কথা উল্লেখ কৰে ৷

বিবৃতিত উল্লেখ কৰা অনুসৰি, বাইডেনে শেহতীয়াকৈ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ এই বৈঠকখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক সচিব এণ্টনি ব্লিংকেন, প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত অনুষ্ঠিত হ'ব ৷

লগতে চাওক:US Budget 2023 : ইণ্ডো-পেচিফিক ৰণনীতিৰ বাবে আমেৰিকাৰ ১.৮ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details