অসম

assam

ETV Bharat / bharat

Vande Bharat Express : আজি দেশৰ 11 খনকৈ ৰাজ্যত সংযোজন ঘটিব 9 খনকৈ বন্দে ভাৰত এক্সপ্ৰেছৰ - new vande Bharat Express in india

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উদ্বোধন কৰিব 9 খনকৈ বন্দে ভাৰত ৰেল ৷ 11 খনকৈ ৰাজ্যত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলসেৱা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM Modi to flag off 9 Vande Bharat Express trains in 11 states today
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বন্দে ভাৰত ৰেলৰ

By ANI

Published : Sep 24, 2023, 10:38 AM IST

নেশ্যনেল ডেস্ক, 24 ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 24 ছেপ্টেম্বৰৰ দিনা দেশত উদ্বোধন কৰিব 9 খনকৈ বন্দে ভাৰত ৰেল ৷ দিনৰ 12.30 বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে 11 খন ৰাজ্যত উদ্বোধন কৰিব বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল । 11 খনকৈ ৰাজ্যত উদ্বোধন কৰিবলগীয়া এই ৰেলকেইখনৰ সংযোজনে ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিব পৰা গৈছে ।

উদ্বোধন হ’বলগীয়া 9 খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল হ’ল উদয়পুৰ–জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছ, তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ, হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ, বিজয়াৱাড়া–চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ, পাটনা–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, কাছাৰগোড়-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ, ৰুড়কেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ, ৰাঁচী–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, জামনগৰ-আহমেদাবাদ বন্দে ভাৰত এক্সপ্ৰেছ ।

এই 9 খনকৈ ৰেলে ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিমবংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটকে ধৰি 11 খন ৰাজ্যত উন্নত কৰিব যোগাযোগ ব্যৱস্থা । আনহাতে, এই বন্দে ভাৰত ৰে’লসমূহে নিজ নিজ পথত সৰ্বাধিক দ্ৰুতগতিত চলাব, যাৰ ফলত যাত্ৰীসকলৰ যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব ।

উদাহৰণস্বৰূপে, ৰুড়কেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ আৰু কাছাৰগোড়-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ নিজৰ পথত বৰ্তমানৰ দ্ৰুততম ৰে’লতকৈ প্ৰায় 3 ঘণ্টা অধিক দ্ৰুত হ’ব বুলি বিবৃতিটোত উল্লেখ । একেদৰে হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীৰ 2.5 ঘণ্টাৰো অধিক সময় ৰাহি হ’ব আৰু তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছে যাত্ৰাৰ সময় 2 ঘণ্টাৰো অধিক হ্ৰাস কৰিব ।

নতুনকৈ সংযোজন ঘটোৱা এই বন্দে ভাৰত ৰেলসমূহে ভাৰতত ৰে’ল সেৱাৰ ক্ষেত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:Chhattisgarh Assembly Elections: কংগ্ৰেছে ২০১৮ চনত সাহু সম্প্ৰদায়ক ছত্তীশগড়ত প্ৰতাৰণা কৰিছিল:ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details