নিউজ ডেস্ক, ৩০ নৱেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব ৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰিব । লগতে তেওঁ তিনিটা উচ্চ পৰ্যায়ৰ পাৰ্শ্বীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । ইয়াৰে ভিতৰত দুটা ভাৰতে সহ-আয়োজন কৰিব । ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী বৃহস্পতিবাৰে সন্ধিয়া ইউএই লৈ ৰাওনা হ'ব আৰু শুকুৰবাৰে সন্মিলনৰ অনুষ্ঠানত উপস্থিত থাকিব । উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে চলিত বছৰৰ জুলাই মাহতো ইউএই ভ্ৰমণ কৰিছিল ।
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ ইউএই ভ্ৰমণ সন্দৰ্ভত এক বিশেষ সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে 'গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ' সম্পৰ্কীয় এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । "প্ৰধানমন্ত্ৰীয়ে আজি সন্ধিয়া বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাইবলৈ ৰাওনা হ'ব । ই হৈছে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ (ইউএনএফচি) ২৮ সংখ্যক সন্মিলনৰ উচ্চ পৰ্যায়ৰ অনুষ্ঠান । আজি সন্ধিয়া যাত্ৰা কৰি তেওঁ কাইলৈ সন্ধিয়া ভাৰতলৈ উভতি অহাৰ পূৰ্বে শীৰ্ষ সন্মিলনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।" তেওঁ কয় ।
"চিঅ'পি২৮ত অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰিব । চিঅ'পি২৮ত তেওঁৰ ভাষণৰ উপৰি প্ৰধানমন্ত্ৰীয়ে তিনিটা উচ্চ-পৰ্যায়ৰ পাৰ্শ্ব অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত দুটা ভাৰতে সহ-আয়োজক হিচাপে পৰিচালনা কৰিছে । ভাৰত আৰু ইউএইৰ দ্বাৰা সহ-আয়োজিত প্ৰথম উচ্চ-পৰ্যায়ৰ অনুষ্ঠানটো হৈছে গ্ৰীণ ক্ৰেডিটছ ইনিচিয়েটিভৰ শুভাৰম্ভ ।" তেওঁ লগতে কয় ।
উল্লেখ্য যে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে দুটা অগ্ৰণী পদক্ষেপ আৰম্ভ কৰিছে । ই জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ভাৰতৰ সক্ৰিয় দৃষ্টিভংগী আৰু স্থিৰতা সূচায় আৰু ২০২১ চনত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 'লাইফষ্টাইল ফৰ এনভায়ৰনমেণ্ট' আন্দোলনক আগুৱাই নিব । গ্ৰীণ ক্ৰেডিট প্ৰ'গ্ৰাম (জিচিপি) আৰু ইকোমাৰ্ক আঁচনিৰ দৰে পদক্ষেপবোৰে পৰম্পৰা আৰু সংৰক্ষণৰ দ্বাৰা নিহিত পৰিৱেশ অনুকূল পদ্ধতিবোৰক উৎসাহিত কৰিব, যিটোৱে লাইফ (LiFE) ধাৰণাটোক প্ৰতিফলিত কৰে ।