অসম

assam

ETV Bharat / bharat

Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক - ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত নৰেন্দ্ৰ মোদী

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে (Modi speaks to Putin over Ukraine situation)৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক জনাইছে যে, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যাৰ কূটনৈতিক সমাধান হোৱাটো বিচাৰে ৷

Modi spoke to Putin
মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

By

Published : Feb 25, 2022, 3:59 PM IST

নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী: ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ(Russia Ukraine crisis)ৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে ৷ বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল (Modi spoke to Putin)৷

প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক জনাইছে যে, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যাৰ কূটনৈতিক সমাধান হোৱাটো বিচাৰে ৷ মোদীয়ে ৰাছিয়া আৰু নাটো গোটৰ মাজত সুস্থ স্বাস্থ্যকৰ আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ পুটিনক ইউক্ৰেইনৰ ওপৰত চলা আক্ৰমন আৰু হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় ৷

মোদীয়ে বৃহস্পতিবাৰে পুটিনৰ সৈতে কথা পতাৰ পূৰ্বে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ এখন বৈঠকটো ভাগ লয় ৷ এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকে ৷

এই বৈঠকৰ পিছত বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই কয় যে ২০,০০০ ভাৰতীয় ইউক্ৰেইনত আছে, যাৰ ভিতৰত যোৱা কেইদিনমানত প্ৰায় ৪,০০০ ভাৰতীয় দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে ৷

ভাৰতে ইউক্ৰেইনৰ পৰা পোলেণ্ড আৰু হাংগেৰীৰ সীমান্তত আৱদ্ধ ভাৰতীয়সকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ব্যৱস্থা গ্ৰহন কৰিছে । শ্ৰীংলাৰ মতে ইউক্ৰেইনৰ আকাশ মাৰ্গত বিমান চলাচল স্থগিত থকাৰ বাবে এই বিকল্প পথটো বাচি লোৱা হৈছে ।

লগতে পঢ়ক:স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details