নেশ্যনেল ডেস্ক,২৩ জুন : আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জ' বিডেনৰ নিমন্ত্ৰণ গ্ৰহণ কৰি হোৱাইট হাউচত উপস্থিত হয় । হোৱাইট হাউচত আয়োজিত ৰাজ্যিক নৈশভোজত দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনে কয় যে এই অনুষ্ঠানটোৱে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ বন্ধুত্বক উদযাপন কৰিছে ।
বিডেনে কয় যে ফাৰ্ষ্ট লেডী জিল আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিছে । নিশা তেওঁলোকে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজক বন্ধুত্বকো উদযাপন কৰে । তেওঁলোকে হাতত গ্লাছ লৈ প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যিক ভ্ৰমণ উদযাপন কৰিছিল ।
আনহাতে দেশৰ প্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে সন্ধিয়াটো দুয়োখন দেশৰ জনসাধাৰণৰ উপস্থিতিয়ে বিশেষ কৰি তুলিছে । তেওঁলোকে আমাৰ আটাইতকৈ মূল্যৱান সম্পদ বুলিও তেওঁ উল্লেখ কৰে । যেতিয়া তেওঁলোকে জাপানত কোৱাড সন্মিলনৰ সময়ত লগ পাইছিল তেতিয়া বিডেনে সন্মুখীন হোৱা এটা সমস্যাৰ কথা উল্লেখ কৰিছিল । প্ৰধানমন্ত্ৰী আশাবাদী যে তেওঁ সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে আশা কৰে যে নিশাৰ আহাৰৰ বাবে যিয়ে আহিব বিচাৰে সকলোৰে সৈতে বিডেন খাপ খাব পাৰিব ।