নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী :আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী (Birth anniversary of Netaji Subhas Chandra Bose)। দেশৰ ভিন্ন প্ৰান্তত নেতাজীৰ জন্ম জয়ন্তী পালন কৰা হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও স্বাধীনতা সংগ্ৰামীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ স্মৰণীয় অৱদানৰ বাবে প্ৰতিজন ভাৰতীয় আজি গৌৰৱান্বিত ।
উল্লেখ্য যে যোৱা বছৰৰ পৰা নেতাজীৰ জন্ম দিনটোক পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰিছিল চৰকাৰে । টুইটযোগে এই পৰাক্ৰম দিৱসত সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।১৮৯৭ চনৰ ২৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা নেতাজীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰিছিল ।
যোৱা ২১ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে শীঘ্ৰেই ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল গ্ৰেনাইট মূৰ্তি স্থাপন কৰা হ'ব । প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে গ্ৰেনাইটৰ মূৰ্তিটো সম্পূৰ্ণ নোহোৱালৈ স্বাধীনতা সংগ্ৰামীগৰাকীৰ এটা হলোগ্ৰাম মূৰ্তি স্থাপন কৰা হ'ব ।
চৰকাৰী সূত্ৰই জনোৱা মতে নেতাজীৰ মূৰ্তিটোৰ উচ্চতা ২৮ ফুট আৰু বহল ৬ ফুট হ'ব । লগতে, ইণ্ডিয়া গেটৰ শিখা ৫০ বছৰৰ পিছত নিৰ্বাপিত কৰা হ'ব আৰু গণতন্ত্ৰ দিৱসৰ মাজতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত এই শিখা একত্ৰিত কৰা হ'ব । ইফালে সূত্ৰৰ পৰা জানিব পৰা মতে এই বছৰৰ পৰা, গণৰাজ্য দিৱস উদযাপন ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । ৩০ জানুৱাৰী অৰ্থাৎ মহাত্মা গান্ধীৰ মৃত্যু দিনটোত গণৰাজ্য দিৱসৰ কাৰ্যসূচী সমাপ্ত হ'ব ।
একেদৰে, শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে কয় যে তেওঁ সদায় জনসাধাৰণৰ সৈতে থিয় দিয়া এজন উৎকৃষ্ট নেতা হিচাপে চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব । বালাচাহেব ঠাকৰেৰ জন্ম ১৯২৬ চনৰ ২৩ জানুৱাৰীত পুনেত হৈছিল । বালাচাহেবে ১৯৬০ চনত বাতৰি কাকত 'ফ্ৰী প্ৰেছ জাৰ্নেল'ত কাৰ্টুনিষ্টৰ চাকৰি এৰি ১৯৬৬ চনৰ ১৯ জুনত মাৰাঠী আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ স্বাৰ্থত শিৱসেনা গঠন কৰিছিল । ২০১২ চনৰ ১৭ নৱেম্বৰত ৮৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ।
লগতে পঢ়ক :ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি