অসম

assam

PM Modi leaves for UAE: দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি UAE লৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

By

Published : Jul 15, 2023, 9:02 AM IST

দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমিৰালৈ যাত্ৰা কৰে ৷ এই ভ্ৰমণৰ সময়ত তেওঁ সংযুক্ত আৰৱ আমিৰাৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব ৷

PM Modi to meet UAE President
ইউ.এ.ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, 15 জুলাই : শনিবাৰে দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমিৰালৈ যাত্ৰা কৰে ৷ প্ৰতিৰক্ষা, নিৰাপত্তা আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডত ভাৰত আৰু UAEৰ মাজত দ্বিপাক্ষিক বৈঠকৰ বাবে তেওঁ আবু ধাবিলৈ যায় ৷ এই ভ্ৰমণৰ সময়ত তেওঁ সংযুক্ত আৰৱ আমিৰাৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব ৷

"পেৰিছৰ পৰা মই 15 জুলাইত চৰকাৰী ভ্ৰমণৰ বাবে সংযুক্ত আৰব আমিৰ শ্বাহীৰ আবু ধাবিলৈ যাত্ৰা কৰিম ৷ মোৰ বন্ধু UAEৰ ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসক শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক লগ পাবলৈ আগ্ৰহী ৷" ভাৰতৰ পৰা যাত্ৰা কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এক বিবৃতিত এইদৰে কয় ৷

তেওঁ লগতে কয় যে, "আমাৰ দুয়োখন দেশ বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ দৰে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে ৷ যোৱা বছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আৰু মই আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যত সম্পৰ্কে এক ৰোডমেপত সন্মত হৈছিলো আৰু আমাৰ সম্পৰ্ক কেনেদৰে অধিক গভীৰ কৰিব পাৰি সেই বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিবলৈ মই আশাবাদী,৷"

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, UAEয়ে চলিত বৰ্ষৰ শেষৰ ফালে ইউ এন এফ চি চি চি (COP-২৮)ৰ 28 সংখ্যক সন্মিলন আয়োজন কৰিব ৷ তেওঁ লগতে কয়, "পেৰিছ চুক্তি ৰূপায়ণৰ সুবিধাৰ বাবে শক্তি পৰিৱৰ্তন আৰু জলবায়ু কাৰ্যকলাপ ত্বৰান্বিত কৰাৰ দিশত বিশ্বব্যাপী সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত মত বিনিময়ৰ বাবেও মই আশাবাদী ৷ মই নিশ্চিত যে মোৰ ইউ.এ.ই. ভ্ৰমণে আমাৰ ব্যাপক কৌশলগত অংশীদাৰীত্বৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব ৷"

পেৰিছ ভ্ৰমণসন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁৰ ফ্ৰান্স ভ্ৰমণ স্মৰণীয় আৰু তেওঁ বাষ্টিল দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ বাবে ইয়াক অধিক বিশেষ বুলি অভিহিত কৰে ৷ আনহাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ফ্ৰান্সৰ জনসাধাৰণক তেওঁলোকৰ আতিথ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তেওঁ দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ গৈছিল আৰু শুক্ৰবাৰে বাষ্টিল দিৱস উদযাপনত অংশগ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোডীয়ে চেম্পছ-এলয়চিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণত সন্মানীয় অতিথি হিচাপে বাষ্টিল ডে পেৰেডত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Manipur Violence: মণিপুৰত শান্তি স্থাপন কৰাৰ অৰ্থে কেন্দ্ৰৰ মধ্যস্থতাকাৰী গোট গঠনৰ প্ৰয়াস

ABOUT THE AUTHOR

...view details