অসম

assam

ETV Bharat / bharat

ফ্ৰান্সৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস নৰেন্দ্ৰ মোডীৰ - PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সন্ত্ৰাসবাদ আৰু চৰমপন্থাৰ বিৰুদ্ধে ফ্ৰান্সৰ যি যুঁজ তাত সমৰ্থন জনোৱাৰ আশ্বাস প্ৰদান কৰে ৷ সোমবাৰে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

নৰেন্দ্ৰ মোডী
নৰেন্দ্ৰ মোডী

By

Published : Dec 8, 2020, 9:24 AM IST

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ:সোমবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত্ৰাসবাদ আৰু চৰমপন্থাৰ বিৰুদ্ধে ফ্ৰান্সৰ যি যুঁজ তাত সমৰ্থন জনোৱাৰ আশ্বাস প্ৰদান কৰে ৷

এই বাৰ্তালাপত মোডীয়ে শেহতীয়াকৈ ফ্ৰান্সত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত গভীৰ সমবেদনা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

মোডীয়ে এক টুইটযোগে প্ৰকাশ কৰে, "মোৰ বন্ধু @EmmanuelMacron ৰ সৈতে মই COVID ৰ পাচৰ প্ৰত্যাহ্বান আৰু সুযোগ আদিৰ বিষয়ে আলোচনা কৰো ৷ ফ্ৰান্সৰ সন্ত্ৰাসবাদ আৰু চৰমন্থা বিৰোধী যি যুঁজ তাত ভাৰত সদায় থিয় থাকিব ৷"

ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্ব ইণ্ডো-পেচিফিকসহ পৃথিৱীৰ ভিতৰতে এক ধনাত্মক শক্তি হ'ব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

লগতে পঢ়ক:আফগানিস্তানত কাৰ বোমা বিস্ফোৰণত হতাহত 24

ABOUT THE AUTHOR

...view details