নিউজ ডেস্ক, 19 জানুৱাৰী :দেশৰ প্ৰখ্যাত কেন্সাৰ বিশেষজ্ঞ তথা আদিয়াৰ কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষা ডাঃ ভি শান্তাৰ মঙলবাৰে ৰাতিপুৱাৰ ভাগত মৃত্যু হয় ৷ তেখেতৰ মৃত্যুত টুইটযোগে শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ডাঃ শান্তাই কেন্সাৰৰ দৰে ৰোগৰ ক্ষেত্ৰখনত সমাজক আগবঢ়োৱা মানৱসেৱাৰ বাবে চিৰদিন আমাৰ মাজত জীয়াই থাকিব বুলি কয় ৷ টুইটটোত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চেন্নাই ভ্ৰমণৰ সময়ত ডাঃ শান্তাৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে উল্লেখ কৰে ৷
বুকুত বিষ অনুভৱ কৰাৰ বাবেই কালি নিশা তেখেতক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্য়ুৰ পিচত তেখেতৰ পাৰ্থিৱ শৰীৰ কেন্সাৰ প্ৰতিষ্ঠানখনলৈ নিয়া হয় যাক তেখেতে ডাঃ কৃষ্ণামূৰ্থিৰ সৈতে একেলগে গঢ় দিছিল ৷