নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ :প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ হোৱাইট হাউছত এক বৈঠকত মিলিত হয় । এই বৈঠকৰ পাছতে কমলা হেৰিছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ উপহাৰ দিয়ে । ভাৰতীয় মূলৰ কমলা হেৰিছক তেওঁৰ ককাদেউতাকৰ সৈতে সম্পৰ্কিত এক বিশেষ উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে । উপহাৰৰ ভিতৰত আছিল কাঠেৰে নিৰ্মিত বিশেষ ফ্ৰেম আৰু মীনাকৰা (meenakari) দবা খেলৰ ছেট (chess set) ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বৈঠকত ভাৰত আৰু আমেৰিকাক প্ৰাকৃতিক অংশীদাৰ বুলি অভিহিত কৰিছিল । বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ লগতে পাৰস্পৰিক আৰু গোলকীয় স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰে । দুয়োগৰাকী শীৰ্ষ নেতাৰ বৈঠক সফলতাৰে সম্পন্ন কৰা বুলিও এক সূত্ৰই জানিবলৈ দিয়ে ।
উল্লেখ্য যে হেৰিছৰ ককাদেউতাক পি ভি গোপালন ভাৰতৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় চৰকাৰী বিষয়া আছিল যি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল । ককাদেউতাকৰ সৈতে সম্পৰ্কিত পুৰণি জাননীৰ এটা প্ৰতিলিপি কাঠৰ হস্তশিল্পৰ ফ্ৰেমত উপস্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হেৰিছক উপহাৰ দিয়ে । ইফালে পুৰণি চহৰ আৰু প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাৰাণসীৰ এক বিখ্যাত শিল্পকলা হৈছে 'গুলাবি মীনাকাৰী' (gulabi meenakari) ।