অসম

assam

ETV Bharat / bharat

৫০০ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে পি এম কেয়াৰ্ছৰ পুঁজি আৱন্টন - দেশত অক্সিজেনৰ তীব্ৰ নাটনি

সমগ্ৰ দেশ কৰ'ণাৰ গ্ৰাসত । দেশত অক্সিজেনৰ তীব্ৰ নাটনি হোৱাত বহু লোকে প্ৰাণ হেৰুৱাৰ ফলত পি এম কেয়াৰ্ছে পুঁজি আৱন্টন কৰে । যোৱা ২৪ এপ্ৰিলতে চিকিৎসা অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ দিয়া হৈছিল ।

pm cares
৫০০ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে পি এম কেয়াৰ্ছৰ পুঁজি আৱন্টন

By

Published : May 5, 2021, 11:10 AM IST

নেশ্যনেল ডেস্ক, ৫ মে': সমগ্ৰ দেশতে কৰ'ণাৰ সংহাৰী ৰূপৰ ফলত চিকিৎসালয়ৰ বিচনা, অক্সিজেনৰ তীব্ৰ নাটনি হোৱাৰ সময়তে পি এম কেয়াৰ্ছৰ পুঁজি আৱন্টন । আগন্তুক তিনি মাহৰ ভিতৰত সমগ্ৰ দেশতে ৫০০ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে পুঁজি আৱন্টন কৰে । যোৱা ২৪ এপ্ৰিলতে চিকিৎসা অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ দিয়া হৈছিল বুলি মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় ।

যোৱা ২৩ এপ্ৰিলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে এক উচ্চ পৰ্যায়ৰ বৈঠকত দিল্লীস্থিত এইমছ ট্ৰমা চেণ্টাৰ, ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয় (আৰএমএল), চফদৰজং চিকিৎসালয়, লেডী হাৰ্ডিঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু হাৰিয়ানাৰ এইমছ ঝাজ্জৰত ডিআৰডিঅ'ৰ উদ্যোগত পাঁচটা পিএছএ অক্সিজেন প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । দিল্লীস্থিত এইমছ আৰু ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয় (আৰএমএল)ত যুদ্ধকালীন গতিত অক্সিজেন প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ত্ৰিপুৰাত বলবৎ হ'ল বৰ্ধিত সান্ধ্য আইন

ABOUT THE AUTHOR

...view details