নেশ্যনেল ডেস্ক, ২৩ জুলাই : কৃষক আন্দোলনৰ (Farmers Protest) সমৰ্থনত আৰু পেগাচাছ প্ৰজেক্ট (Pegasus project) সন্দৰ্ভত পুনৰ ক্ষোভিত হৈ পৰে বিৰোধী কংগ্ৰেছ দল । শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ (Rahul Gandhi) নেতৃত্বত সংসদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই প্ৰতিবাদতে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
পেগাচাছ (Pegasus) সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেতাগৰাকীয়ে কয় যে, পেগাচাছক ইজৰাইলে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিৰীক্ষণৰ বাবে পেগাচাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় ইজৰাইলত । কিন্তু ভাৰতত প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰীয়ে ইয়াক দেশৰ বিৰুদ্ধে আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে ।
ইয়াৰোপৰি দুয়োগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয়, "তেওঁলোকে পেগাচাছক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে ৷ তেওঁলোকে কৰ্ণাটকত ইয়াক ব্যৱহাৰ কৰিছে, বিভিন্ন ধৰণৰ তদন্তৰ স্বাৰ্থত তেওঁলোকে ইয়াক ব্যৱহাৰ কৰিছে । আনকি তেওঁলোকে উচ্চতম ন্যায়ালয় আৰু দেশৰ সকলো প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । যাৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দেশদ্ৰোহী বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে ।"