অসম

assam

By ANI

Published : Dec 24, 2023, 11:21 AM IST

ETV Bharat / bharat

ভাৰত অভিমুখী ৰাসায়নিক সামগ্ৰীৰ টেংকাৰত ইৰাণে আক্ৰমণ কৰাৰ দাবী আমেৰিকাৰ

ডুবাইৰ পৰা ভাৰত অভিমুখে আহি থকা এখন টেংকাৰ জাহাজত অগ্নিকাণ্ড । ইৰাণৰ ড্ৰোণ আক্ৰমণৰ ফলত জাহাজখনত জুই লগাৰ দাবী আমেৰিকাৰ । পৰিস্থিতি নিয়ন্ত্ৰণত সফল ভাৰতীয় উপকূলৰক্ষী বাহিনী ।

Iranian drone struck chemical tanker in Indian Ocean
ভাৰত অভিমুখী ৰাসায়নিক সামগ্ৰীৰ টেংকাৰত ইৰাণৰ আক্ৰমণ

নেশ্যনেল ডেস্ক,২৪ ডিচেম্বৰ :সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাই দাবী কৰিছে যে শনিবাৰে ভাৰত মহাসাগৰত এখন ৰাসায়নিক সামগ্ৰীভৰ্তি টেংকাৰত ইৰাণৰ ড্ৰোণে আক্ৰমণ কৰে । নেডাৰলেণ্ডৰ দ্বাৰা পৰিচালিত লাইবেৰিয়াৰ পতাকাযুক্ত জাপানৰ মালিকানাধীন আৰু পৰিচালিত ৰাসায়নিক সামগ্ৰী ভৰ্তি টেংকাৰ কেম প্লুটো নামৰ জাহাজখন শনিবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০ বজাত ভাৰতৰ উপকূলৰ পৰা ২০০ নটিকেল মাইল দূৰৈত ভাৰত মহাসাগৰত দুৰ্ঘটনাগ্ৰস্ত হয় ।

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে ইৰাণৰ পৰা এখন একপক্ষীয় ড্ৰোণে আক্ৰমণ কৰিছিল । ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিচত বৰ্ধিত আঞ্চলিক উত্তেজনাৰ শেহতীয়া উদাহৰণ হৈছে এই ঘটনা । আমেৰিকাই কৈছে যে ২০২১ চনৰ পিচত বাণিজ্যিক জাহাজৰ ওপৰত এয়া সপ্তমটো ইৰাণী আক্ৰমণ ।

শনিবাৰে সন্দেহজনক ড্ৰোণে আক্ৰমণ কৰাৰ ফলত ২০ গৰাকী ভাৰতীয় আৰু এগৰাকী ভিয়েটনামী ক্ৰুৰ সৈতে ভাৰতলৈ ৰাওনা হোৱা এম ভি কেম প্লুটো নামৰ ব্যৱসায়িক জাহাজত জুই লাগে । পৰৱৰ্তী সময়ত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে উদ্ধাৰ অভিযান চলায় । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এক চৰকাৰী বিবৃতিত কয় যে ব্যৱসায়িক জাহাজখনে ১৯ ডিচেম্বৰত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । জাহাজখন ২৫ ডিচেম্বৰত নিউ মাংগালুৰু বন্দৰত উপস্থিত হোৱাৰ কথা আছিল ।

২৩ ডিচেম্বৰত মুম্বাইৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰই এমভি চেম প্লুটো জাহাজত সন্দেহজনক আকাশী আক্ৰমণৰ ফলত জুই লগাৰ বিষয়ে এক খবৰ লাভ কৰিছিল । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সামুদ্ৰিক সমন্বয় কেন্দ্ৰই নিশ্চিত কৰিছিল যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু হোৱা নাই আৰু সম্পত্তিৰো ব্যাপক ক্ষতি হোৱা নাই । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জাহাজখনৰ এজেণ্টৰ সৈতে যোগাযোগ স্থাপন কৰি সকলো সহায়ৰ আশ্বাস দিয়ে । ইফালে অভিযানকাৰী দলে জাহাজখনৰ জুই নিৰ্বাপিত কৰিছিল বুলিও জানিব পৰা গৈছে । ইফালে জাহাজখনৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ এম.আৰ.চি.চি. মুম্বাইয়ে আই.এছ.এন.-ক আহ্বান জনাইছে ।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জাহাজখনৰ সহায়ৰ বাবে অফশ্বৰ পেট্ৰ'ল জাহাজ বিক্ৰম আৰু কোষ্ট গাৰ্ড ডৰ্ণিয়াৰ সামুদ্ৰিক নিৰীক্ষণ বিমানকো কাৰ্যকৰী কৰি তোলে । উপকূলৰক্ষী বাহিনীৰ ডৰ্ণিয়াৰ বিমানে অঞ্চলটো নিৰীক্ষণ কৰিছে আৰু কেম প্লুটোৰ সৈতে যোগাযোগ স্থাপন কৰিছে । বিবৃতিত কোৱা হৈছে যে জাহাজখনৰ ক্ষতিৰ মূল্যাঙ্কন আৰু বিদ্যুৎ উৎপাদন প্ৰণালী মেৰামতি কৰাৰ পিচত জাহাজখন মুম্বাই অভিমুখে আগবাঢ়িছে ।

লগতে পঢ়ক:গুজৰাটৰ উপকূলৰ পৰা 200 ন’টিকেল মাইল দূৰত ইজৰাইলৰ জাহাজত ড্ৰ’ন আক্ৰমণ

ABOUT THE AUTHOR

...view details