নেশ্যনেল ডেস্ক,২০ জুন :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কয় যে চীনৰ সৈতে স্বাভাৱিক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা আৱশ্যক । প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা ভ্ৰমণৰ পূৰ্বে ৱাল ষ্ট্ৰীট জাৰ্নেলত এক সাক্ষাৎকাৰত কয় যে সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান কৰা, আইনৰ শৃংখলা বজাই ৰখাৰ লগতে মতভেদ আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধান ভাৰতৰ প্ৰধান কৰ্তব্য । একে সময়তে, ভাৰত সাৰ্বভৌমত্ব আৰু মৰ্যাদা সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ লগতে কয় যে চীনৰ সৈতে স্বাভাৱিক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে সীমান্তত শান্তি আৰু স্থিৰতা প্ৰয়োজন ।
উল্লেখ্য যে ২০২০ চনৰ ১৫ জুনত পূব লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ হৈছিল । যোৱা ৫ দশকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) ওচৰত এয়া প্ৰথম সংঘৰ্ষ আছিল আৰু ই দ্বিপাক্ষিক সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিছিল । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধত ভাৰতৰ ভূমিকা সম্পৰ্কীয় এক প্ৰশ্নত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰত শান্তিৰ পক্ষত আছে । সকলো দেশে আন্তৰ্জাতিক আইন আৰু ৰাজ্যসমূহৰ সাৰ্বভৌমত্বক সন্মান কৰা উচিত । বিবাদবোৰ 'কূটনীতি আৰু আলোচনা'ৰ জৰিয়তে সমাধান কৰিব লাগে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কিছুমান লোকে কয় যে ভাৰত নিৰপেক্ষ । কিন্তু ভাৰত নিৰপেক্ষ নহয় । ভাৰত শান্তিৰ পক্ষত আছে । সমগ্ৰ বিশ্বই বিশ্বাস কৰে যে ভাৰতৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে শান্তি । প্ৰধানমন্ত্ৰী মোডীৰ মতে ভাৰতে সংঘৰ্ষৰ সমাপ্তি আৰু স্থায়ী শান্তি আৰু স্থিৰতা নিশ্চিত কৰাৰ বাবে যিমান পাৰে সেয়া কৰিব । তেওঁৰ মতে এই দিশত সকলো প্ৰকৃত প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে ।