নিউজ ডেস্ক, ২ নৱেম্বৰ :বিজেপিৰ ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ (BJP national IT department) মুৰব্বীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে 31 অক্টোবৰ, 2022 তাৰিখে The Wire-ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু তেওঁলোকৰ কৰ্মচাৰীৰ ঘৰ আৰু কাৰ্যালয় চৌহদত চলোৱা তালাচীত ভাৰতীয় প্ৰেছ ক্লাব চিন্তিত (Press Club of India) ।
উল্লেখ্য, এজাহাৰত নাম উল্লেখ থকাসকলৰ ডিজিটেল সঁজুলি জব্দ কৰা কৰিছিল দিল্লী আৰক্ষীয়ে । এক বিবৃত্তিত ভাৰতীয় প্ৰেছ ক্লাবে প্ৰকাশ কৰে, "আমি যি জানো তাৰ পৰা সামগ্ৰীসমূহ নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি 'hash value' প্ৰদান নকৰাকৈয়ে জব্দ কৰা হৈছিল (Delhi Police searched on The Wire office) ।
বিবৃত্তিটোত লগতে কোৱা হৈছে, "এইটো আমাৰ সামূহিক মতামত যে এজাহাৰখনত দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদকসকলৰ (FIR against The Wire Editors) বিৰুদ্ধে গুৰুতৰ অভিযোগৰ তালিকা দিয়া হৈছে । যাৰ ভিতৰত আছে মানহানি, জালিয়াতি, প্ৰৱঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰ । এজাহাৰখন ৱায়াৰত প্ৰকাশিত এক প্ৰতিবেদনৰ সৈতে সম্পৰ্ক আছে, যিখন প্ৰতিবেদন এজন সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীয়ে দিয়া এটা পোষ্টৰ সৈতে সম্পৰ্কিত । ৱায়াৰে ইয়াৰ প্ৰতিবেদন প্ৰত্যাহাৰ কৰি তেওঁলোকৰ পঢ়ুৱৈ সমাজৰ ওচৰত ক্ষমা বিচৰাৰ পিছত অভিযোগ দাখিল কৰা হৈছিল । লগতে তেওঁলোকে এই প্ৰতিশ্ৰুতি দিছিল যে কাৰিকৰী প্ৰমাণৰ সৈতে জড়িত সম্পাদকীয় প্ৰক্ৰিয়াবোৰত এতিয়াৰে পৰা কঠোৰতা অৱলম্বন কৰা হ'ব । ৱায়াৰ কৰ্তৃপক্ষয়ো পঢ়ুৱৈসকলক আশ্বাস দিছিল যে ত্ৰুটিবোৰ অতি গুৰুত্বসহকাৰে চোৱা হ'ব ।"