অসম

assam

ETV Bharat / bharat

Dedicated cultural heritage squad : চুৰি কীৰ্তি চিহ্ন উদ্ধাৰৰ বাবে বিশেষ টাস্ক ফ'ৰ্চ গঠনৰ পৰামৰ্শ সংসদীয় সমিতিৰ

সংসদত পৰিবহন, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ স্থায়ী সমিতিয়ে এক প্ৰতিবেদন উত্থাপন কৰে । এক হেৰিটেজ স্কোৱাড গঠন কৰি নিৰ্দিষ্ট প্ৰশিক্ষণ প্ৰদান কৰি চুৰি হোৱা কীৰ্তি চিহ্ন উদ্ধাৰৰ প্ৰচেষ্টা কৰিব লাগে । এই প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনাই সমিতিয়ে ।

By

Published : Jul 25, 2023, 2:22 PM IST

Dedicated cultural heritage squad
চুৰি কীৰ্তি চিহ্ন উদ্ধাৰৰ বাবে বিশেষ টাস্ক ফ'ৰ্চ গঠনৰ পৰামৰ্শ সংসদীয় সমিতিৰ

নেশ্যনেল ডেস্ক, ২৫ জুলাই :ভাৰতৰ পৰা চুৰি হোৱা পুৰণি কীৰ্তি চিহ্ন উদ্ধাৰৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এক সংসদীয় স্থায়ী সমিতি । চুৰি হোৱা কীর্তি চিহ্নসমূহ উদ্ধাৰৰ বাবে এক "সমৰ্পিত সাংস্কৃতিক ঐতিহ্য দল"(Cultural heritage squad) স্থাপন কৰাৰ পৰামৰ্শ দিছে সংসদীয় সমিতিয়ে । বিভিন্ন দেশৰ দৰে বিষয়াসকলৰ এটা দলক যাতে পুনৰুদ্ধাৰৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ দিব পাৰি তাৰ আহ্বান জনাই সমিতিয়ে । পৰিবহণ, পৰ্যটন আৰু সংস্কৃতি বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে সোমবাৰে সংসদৰ দুয়োখন সদনতে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা উল্লেখ কৰে ।

সমিতিখনে ইয়াৰ ৪৮ পৃষ্ঠাৰ প্ৰতিবেদন "Heritage Theft - The Illegal Trade in Indian Antiquities and the Challenges of Retrieving and Safeguarding Our Tangible Cultural Heritage'ত পুনৰুদ্ধাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ চৰকাৰে "multi-departmental task force" গঠন কৰাৰ পৰামৰ্শ দিয়ে ।

টাস্ক ফ'ৰ্চত থাকিব গৃহ মন্ত্ৰালয়ৰ বিষয়া (আৰক্ষী আৰু অনুসন্ধান), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়া (বিদেশী চৰকাৰৰ সৈতে সমন্বয় ৰাখি), ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ বিষয়া (এএছআই) আৰু জ্যেষ্ঠ পণ্ডিত আৰু বিশেষজ্ঞ । সমিতিখনে উল্লেখ কৰে যে, পুৰাতাত্ত্বিক গৱেষণা আৰু সংৰক্ষণৰ উপৰিও, ৰাজ্যসভা সচিবালয়ে জাৰি কৰা এক চৰকাৰী বিবৃতি অনুসৰি চুৰি হোৱা পুৰণি কীর্তি চিহ্ন উদ্ধাৰৰ বৃহৎ দায়িত্ব এএছআইক দিয়া হৈছে ।

প্ৰতিবেদন অনুসৰি ইটালী, কানাডা, নেডাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, স্কটলেণ্ড, স্পেইন আৰু ফ্ৰান্সৰ দৰে বহুতো দেশে বিশেষজ্ঞৰ এটা দলৰ সৈতে সমৰ্পিত সাংস্কৃতিক ঐতিহ্য দল গঠন কৰিছে যিটোৱে চুৰি হোৱা কীর্তি চিহ্নবোৰ ট্ৰেক কৰাৰ লগতে আৰু পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিছে । সমিতিয়ে পৰামৰ্শ দিছে যে প্ৰশিক্ষিত বিষয়াসকলৰ সৈতে চুৰি হোৱা কীর্তি চিহ্ন উদ্ধাৰৰ বাবে এক নিৰ্দিষ্ট সাংস্কৃতিক ঐতিহ্য দল গঠন কৰাটো এএছআইৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব । দলটোক পুনৰুদ্ধাৰৰ নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব পাৰে ।

সমিতিখনে দেশত পুৰাতত্বৰ এক মাষ্টাৰ ডাটাবেচ প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰসমূহক হস্তান্তৰ আৰু উৎসাহ কৰিবলৈ কেন্দ্ৰীয় খণ্ডৰ আঁচনি এখন প্ৰস্তুত কৰাৰ প্ৰস্তাৱটো পৰীক্ষা কৰিবলৈ মন্ত্ৰালয়ক পৰামৰ্শ দিয়ে । সমিতিখনৰ মতে মন্ত্ৰালয়ে সাংস্কৃতিক ঐতিহ্যৰ ৰেকৰ্ডৰ বাবে আগ্ৰহী আৰু প্ৰাসঙ্গিক সংস্থা/অংশীদাৰসকলৰ অন্তৰ্ভুক্তিৰ বাবেও এক উৎসাহজনক আঁচনি প্ৰস্তুত কৰিব পাৰে ।

নেশ্যনেল মিছন অন মনুমেণ্টছ এণ্ড এণ্টিকুইটিজ (National Mission on Monuments and Antiquities) সন্দৰ্ভত সমিতিখনে উল্লেখ কৰে যে, ইয়াৰ আৰম্ভণিৰ পৰা ১৫ বছৰত মুঠ আনুমানিক ৫৮ লাখ পুৰাতত্বৰ ভিতৰত মাত্ৰ ১৬.৮ লাখ কীর্তি চিহ্ন অৰ্থাৎ আজিৰ তাৰিখত প্ৰায় ৩০ শতাংশ নথিভুক্ত কৰা হৈছে । সমিতিখনক এএছআইৰ সঞ্চালক প্ৰধানে জনাইছে যে, ৫৮ লাখ সংখ্যাটো কেৱল এটা আনুমানিক হে, ভাৰতত আৰু বহুতো পুৰণি কীর্তি চিহ্ন থাকিব পাৰে ।

যদি এয়া সঁচা হয় তেনেহ'লে ই অতি উদ্বেগজনক বুলিও সমিতিখনে উল্লেখ কৰে । সমিতিখনে লগতে কয় যে এএছআইৰ দ্বাৰা জনোৱা হৈছে যে, সমগ্ৰ দেশৰ ৫৫ টা এএছআই চাইট সংগ্ৰহালয়ত নথিপত্ৰ প্ৰস্তুতৰ আৰম্ভ কৰা হৈছে আৰু ২০২৩ চনৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । সমিতিখনে উদ্বেগ প্ৰকাশ কৰি কয় যে এএছআইৰ নেতৃত্বাধীন চাইটবোৰে এই কাম বহু আগতে সম্পূৰ্ণ কৰিব লাগিছিল । বছৰ বছৰ ধৰি কীৰ্তি চিহ্ন আৰু পৌৰাণিক সামগ্ৰীবোৰৰ সংৰক্ষণৰ বাবে আৱণ্টন হোৱা ধনৰ অপচয়ৰ ওপৰতো সমিতিখনে উদ্বেগ প্ৰকাশ কৰে ।

সমিতিখনে লগতে পৰামৰ্শ দিছে যে, মন্ত্ৰালয় বা এএছআইয়ে ৰাজ্য চৰকাৰ আৰু প্ৰাসংগিক সংস্থা যেনে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH), ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (ICCR), ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (IGNCA), ৰাষ্ট্ৰীয় সংস্কৃতি পুঁজি (NCF) আৰু ফৰাচী পণ্ডিচেৰী প্ৰতিষ্ঠান আদিৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা অন্বেষণ কৰিব পাৰে ।

সমিতিখনে প্ৰতিবেদনত উল্লেখ কৰিছে যে, সাংস্কৃতিক মন্ত্ৰালয়ৰ বাবে সামগ্ৰিক বাজেট আৱণ্টন মুঠ বাজেটৰ মাত্ৰ ০.০৭৫ শতাংশ, যি সম্পূৰ্ণৰূপে অপৰ্যাপ্ত । সমিতিখনে উল্লেখ কৰিছে যে চীন, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশবোৰে বাজেটৰ প্ৰায় ২-৫ শতাংশ কলা আৰু সংস্কৃতিৰ প্ৰচাৰত ব্যয় কৰে ।

লগতে পঢ়ক :Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !

ABOUT THE AUTHOR

...view details