অসম

assam

ETV Bharat / bharat

Parliament Special Session 2023: মঙলবাৰৰ পৰা নতুন ভৱনত সংসদৰ বিশেষ অধিবেশন - Parliament Special Session

৫ দিনীয়াকৈ সংসদৰ বিশেষ অধিবেশন । মঙলবাৰে সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে নতুন সংসদ ভৱনত কাম কাজ আৰম্ভ কৰা হ'ব । অধিবেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব ।

Parliament Special Session 2023
মঙলবাৰৰ পৰা নতুন সংসদ ভৱনত আৰম্ভ হ'ব কাম কাজ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:28 AM IST

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ :আজিৰে পৰা সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন আৰম্ভ হ'ব । অধিবেশন পুৰণি সংসদ ভৱনৰ পৰা আৰম্ভ হ'ব । এই সময়ছোৱাত, সাংসদসকলে পুৰণি সংসদ ভৱনৰ বিষয়েও আলোচনা কৰিব । পুৰণি সংসদ ভৱনৰ ৭৫ বছৰীয়া যাত্ৰাও স্মৰণ কৰা হ'ব । সূত্ৰৰ মতে ১৯ ছেপ্টেম্বৰৰ পৱিত্ৰ দিনটোত অৰ্থাৎ মঙলবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে উপাসনা কৰাৰ পাছত সংসদৰ কাম-কাজ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ লৈ যোৱা হ'ব । যাৰ বাবে ব্যাপক প্ৰস্তুতি কৰি থকা হৈছে । একে সময়তে দেওবাৰে পুৰণি সংসদ ভৱনত পতাকা উত্তোলনৰ কাৰ্যসূচীৰো আয়োজন কৰা হয় ।

সূত্ৰৰ মতে সংসদত ৫ খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব । ডাকঘৰ বিধেয়ক ২০২৩ আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু নিৰ্বাচনী আয়ুক্ত নিযুক্তি সম্পৰ্কীয় বিধেয়কো উত্থাপন কৰা হ'ব । এই দুয়োখন বিধেয়ক প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰা হ'ব । ইয়াৰ উপৰিও, লোকসভাত অধিবক্তা সংশোধনী বিধেয়ক ২০২৩ আৰু প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অফ পিৰিঅ'ডিকেলছ বিধেয়ক ২০২৩ উত্থাপন কৰা হ'ব । দুয়োখন বিধেয়ক ইতিমধ্যে ৰাজ্যসভাত গৃহীত হৈছে ।

নতুন সংসদ ভৱনত মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাম কৰা আৰম্ভ হ'ব । নতুন ভৱনটোত সকলো বস্তুৱে এক নতুন ৰূপত দেখা যাব । আনকি কৰ্মচাৰীসকলৰ পোছাকো সলনি কৰা হ'ব ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ মতে বিশেষ অধিবেশনৰ বাবে মুঠ ৮ খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে । দেওবাৰে এক সৰ্বদলীয় বৈঠকত সদনৰ নেতাসকলক জনোৱা হয় যে জ্যেষ্ঠ নাগৰিকৰ কল্যাণ সম্পৰ্কীয় এখন বিধেয়ক আৰু অনুসূচীত জাতি/জনজাতিৰ আদেশৰ সৈতে সম্পৰ্কিত ৩ খন বিধেয়কো কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল । এই বছৰৰ ২৮ মে'ত ইয়াক উদ্বোধন কৰা হৈছিল । নতুন সংসদ ভৱন ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাত বিয়পি আছে আৰু ইয়াৰ নিৰ্মাণৰ বাবে ৮৬২ কোটি টকা ব্যয় কৰা হৈছে । নতুন ভৱনটোত লোকসভাত ৮৮৮ গৰাকী সাংসদৰ বহাৰ ক্ষমতা আছে । একে সময়তে, ৰাজ্যসভাত ৩৮৪ গৰাকী সাংসদৰ আসনৰ ব্যৱস্থা আছে ।

লগতে পঢ়ক :RSS Chief attack Left ideology: বাওঁপন্থী মতাদৰ্শই ধ্বংস মাতিছে পৃথিৱীলৈ; মোহন ভাগৱতৰ বিস্ফোৰক ভাষ্য

ABOUT THE AUTHOR

...view details