নিউজ ডেস্ক, ৩ জানুৱাৰী : সংসদৰ বাজেট অধিবেশন অহা ৩১ জানুৱাৰীৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে (parliaments budget session 2023 from 31 January) । আনহাতে, তাৰ মাজত কিছু বিৰতিৰ সৈতে অহা ৬ এপ্ৰিলত অধিবেশন সমাপ্ত হ'ব বুলি আশা কৰা হৈছে । সোমবাৰে চৰকাৰী সূত্ৰত এই তথ্য প্ৰকাশ । সংসদৰ চেণ্ট্ৰেল হলত (central hall) লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতি দ্ৰৌপদী মূৰ্মুৰ ভাষণৰেৰে এই অধিবেশনআৰম্ভ হ'ব (President Draupodi Murmu) ।
উল্লেখ্য, বিগত বছৰৰ জুলাই মাহত দেশৰ শীৰ্ষ পদবীত আৰোহণ কৰাৰ পিছত সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতি মূৰ্মুৰ এইটোৱেই প্ৰথম ভাষণ হ'ব (President Murmu to addressing Parliament) । বাজেট অধিবেশনৰ প্ৰথমদিনা দুয়োখন সদনতে অৰ্থনৈতিক সমীক্ষাও উত্থাপন কৰা হ'ব বুলি সূত্ৰত প্ৰকাশ । লগতে সূত্ৰসমূহে কৈছে যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সম্ভাৱনা আছে (union budget 2023) আৰু অধিবেশনৰ প্ৰথম পৰ্যায় ১০ ফেব্ৰুৱাৰীলৈকে চলিব বুলি আশা কৰা হৈছে ।
সূত্ৰত লগতে কোৱা হৈছে যে বিৰতিৰ পিছত স্থায়ী সমিতিসমূহে বিভিন্ন মন্ত্ৰালয়ৰ অনুদানৰ দাবীসমূহ পৰীক্ষা কৰিব । তাৰ পিছত বাজেট অধিবেশনৰ দ্বিতীয় অংশ ৬ মাৰ্চত আৰম্ভ হ'ব আৰু অধিবেশন ৬ এপ্ৰিলত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে ।