নেশ্যনেল ডেস্ক, 22 আগষ্ট:ৰাখী বন্ধনলৈ মাজত মাথো কেইটামান দিন ৷ ভাতৃ-ভগ্নীসকলে পৰস্পৰে পৰস্পৰৰ বাবে যুগুত কৰিছে বিভিন্ন পৰিকল্পনাৰ ৷ একেদৰে আহমেদাবাদৰ এগৰাকী ভগ্নীয়েও ভাতৃক ৰাখী বান্ধিবলৈ ৰাওনা হৈছে দিল্লীলৈ ৷ পিছে চৰ্চাৰ বিষয় হ’ল, এইগৰাকী আহমেদাবাদৰ ভগ্নীয়ে ৰাখী পিন্ধোৱা ভাতৃগৰাকী হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী মহচিন শ্বেইখে প্ৰতিবছৰৰ দৰেই এই বছৰো ৰাখী বান্ধিবলৈ দিল্লীলৈ ৰাওনা হৈছে ৷
পাকিস্তান মূলৰ মহিলা আৰু বিয়াৰ পিছত ভাৰতলৈ গুচি অহা কমৰ মহছিন শ্বেইখে 30 বছৰতকৈও অধিক সময় ধৰি প্ৰধানমন্ত্ৰী মোদীক ৰাখী বান্ধি আহিছে । এই সন্দৰ্ভত মহচিনে কয়, "তেওঁক ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছোঁ । তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰতিদিনে তেওঁৰ বাবে প্ৰাৰ্থনা কৰো । মোৰ সকলো ইচ্ছা পূৰণ হয় বুলি মোৰ বিশ্বাস আছে । আগতে যেতিয়া মই তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলো এদিন সেয়া দিঠকত পৰিণত হৈছিল । মই যেতিয়াই ৰাখী বান্ধিছিলো তেতিয়াই তেওঁৰ আগত মই তেওঁক প্ৰধানমন্ত্ৰী হিচাবে চোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিলোঁ । তেওঁৰ সঁহাৰি সদায় উৎসাহজনক আছিল, মোদীৰ সকলো ইচ্ছা ঈশ্বৰে পূৰণ কৰিব বুলি কৈছিল । তেওঁ দেশৰ বাবে প্ৰশংসনীয় কাম কৰি আছে ।"