অসম

assam

By

Published : Aug 6, 2023, 9:51 PM IST

Updated : Aug 7, 2023, 7:43 AM IST

ETV Bharat / bharat

ODI World Cup 2023: ভাৰতত এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ অনুমতি পাকিস্তান ক্ৰিকেট দলক

এদিনীয়া বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ পাকিস্তান চৰকাৰে ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলক অনুমতি দিছে ৷ ক্ৰীড়াক ৰাজনীতিৰ সৈতে সাঙুৰিব কৰিব নালাগে বুলি এক বিবৃতিত কয় পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৷

Pakistan Allows its Cricket Team to Participate
ভাৰত ভ্ৰমণ কৰিবলৈ অনুমতি পাকিস্তান ক্ৰিকেট দলক

স্পৰ্টছ ডেস্ক, 6 আগষ্ট : অক্টোবৰৰ পৰা আৰম্ভ হ'ব লগা এদিনীয়া বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ পাকিস্তান চৰকাৰে ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলক অনুমতি দিছে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ক্ৰীড়াক ৰাজনীতিৰ সৈতে সাঙুৰিব নালাগে ৷

বিবৃতিটোত কোৱা হৈছে যে, ‘‘ক্ৰীড়াক ৰাজনীতিৰ সৈতে মিহলি কৰিব নালাগে আৰু ইয়াক পাকিস্তানে ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে ৷ সেয়েহে পাকিস্তানে আগন্তুক আইচিচি ক্ৰিকেট বিশ্বকাপ 2023 ত অংশগ্ৰহণ কৰিবলৈ পুৰুষ ক্ৰিকেট দলটো ভাৰতলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ৷ পাকিস্তানে বিশ্বাস কৰে যে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ অৱস্থাই ইয়াৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সম্পৰ্কীয় দায়বদ্ধতা পূৰণৰ পথত বাধা হোৱা উচিত নহয় ৷"

লগতে পঢ়ক :Kuki People's Alliance: এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ অংশীদাৰ কুকি পিপলছ এলায়েন্সৰ

"পাকিস্তানৰ সিদ্ধান্তই ভাৰতৰ অটল মনোভাৱৰ বিপৰীতে ইয়াৰ গঠনমূলক আৰু দায়িত্বশীল দৃষ্টিভংগী প্ৰদৰ্শন কৰে, কিয়নো এছিয়া কাপৰ বাবে ভাৰতে ক্ৰিকেট দলটোক পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল ।"

প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে, "অৱশ্যে পাকিস্তানৰ ক্ৰিকেট দলৰ নিৰাপত্তা সম্পৰ্কে গভীৰ উদ্বেগ আছে ৷ আমি এই উদ্বেগবোৰ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ আৰু ভাৰতীয় কৰ্তৃপক্ষক অৱগত কৰিছো ৷ আমি আশা কৰোঁ যে পাকিস্তান ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়ত সম্পূৰ্ণ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা হ'ব ৷"

ইফালে আগন্তুক এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ক্ষেত্ৰতো দেখা গৈছে পাকিস্তানৰ মেচৰ তাৰিখক লৈ ব্যাপক সাল-সলনি ৷ 15 অক্টোবৰৰ পৰিৱৰ্তে 14 অক্টোবৰত ভাৰতৰ সৈতে খেলিব পাকিস্তানে ৷ একেদৰে 12 অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া পাকিস্তানৰ এখন মেছ 10 অক্টোবৰত শ্ৰীলংকাৰ বিৰুদ্ধে হায়দৰাবাদত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক :The Hazara Express derails: পাকিস্তানত লাইনচ্যুত হৈ ৰে’ল দুৰ্ঘটনা; 22 জন নিহত, শতাধিক আহত

Last Updated : Aug 7, 2023, 7:43 AM IST

ABOUT THE AUTHOR

...view details