নিউজ ডেস্ক, ৭ ডিচেম্বৰ : বৃহস্পতিবাৰে ৰাজ্যসভাত চৰকাৰে কয় যে বিচাৰাধীনসহ প্ৰায় ৯,৫২১ গৰাকী ভাৰতীয় বন্দী বিদেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে । ইয়াৰে ভিতৰত উপসাগৰীয় দেশসমূহতে ৬০%-তকৈও অধিক বন্দী কাৰাগাৰত বন্দী হৈ আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ৰাজ্যসভাত এই তথ্য বৃহস্পতিবাৰে দাখিল কৰে । তথ্য প্ৰদান কৰি তেওঁ কয় যে চৰকাৰে বিদেশী কাৰাগাৰকে ধৰি বিদেশত থকা ভাৰতীয়সকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণৰ ওপৰত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰে ।
কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ বিদেশত বন্দী হৈ থকা ভাৰতীয় নাগৰিকৰ সংখ্যা, দেশ অনুসৰি তথ্য, বিচাৰাধীন লোকৰ সংখ্যা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ লিখিত উত্তৰত তেওঁ এই তথ্য প্ৰকাশ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, বিদেশী কাৰাগাৰত বন্দী হৈ থকা ৯,৫২১ গৰাকী ভাৰতীয় বন্দীৰ ভিতৰত ৬০%-তকৈও অধিক, ৫,৭৫০ গৰাকী ভাৰতীয় উপসাগৰীয় দেশত বন্দী হৈ আছে ।
ইয়াৰে ভিতৰত চৌডি আৰবত ২,২০০ গৰাকী ভাৰতীয় বন্দী আছে । তাৰ পিছত ইউএইত ২,১৪৩ গৰাকী, কাটাৰত ৭৫২, বাহৰেইনত ১১০, কুৱেইটত ৪১০ আৰু ওমানত ১৩৫ গৰাকী বন্দী হৈ আছে । একেদৰে ব্ৰিটেইনত ২৭৮ গৰাকী ভাৰতীয় বন্দী, আমেৰিকাত ১৭০, পাকিস্তানত ৩০৮, নেপালত ১২২৭, মালয়েছিয়াত ৩০৯, চীনত ১৮০, ইটালীত ১৬৫ গৰাকী আৰু অন্যান্য দেশত বাকীসকল কাৰাবন্দী আছে ।