অসম

assam

ETV Bharat / bharat

No confidence motion in Lok Sabha: চৰকাৰৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সিদ্ধান্ত বিৰোধীৰ - Central Govt on Manipur issue

মণিপুৰ হিংসাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ স্থিতিৰ বিৰুদ্ধে সৰব বিৰোধী ৷ লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সিদ্ধান্ত গ্ৰহণ ৷

PM Modi silent on Manipur violence
No confidence motion in Lok Sabha

By

Published : Jul 26, 2023, 6:34 AM IST

নিউজ ডেস্ক, 26 জুলাই: বিৰোধী দলসমূহে বুধবাৰে লোকসভাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংবাদ মাধ্যমক এই কথা জনাইছে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে । বিৰোধী দলৰ সদস্যসকলে লোকসভা আৰু ৰাজ্যসভাত অবিৰাম প্ৰতিবাদ আৰু শ্লোগান প্ৰদৰ্শন কৰি আহিছে ৷ যাৰ ফলত যোৱা ২০ জুলাইত সংসদৰ বৰ্ষা অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা দুয়োখন সদন বাৰে বাৰে স্থগিত ৰাখিবলৈ বাধ্য হৈছে অধ্যক্ষদ্বয়ে ।

কংগ্ৰেছৰ লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে মঙলবাৰে সংবাদ মাধ্যমক কয় যে, বুধবাৰে বিৰোধী দলসমূহে লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব । মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে বিশদ আলোচনা কৰিবলৈ বিৰোধীৰ দাবী চৰকাৰে মানি লোৱা নাই বাবেই এই সিদ্ধান্ত লোৱা হৈছে ৷ ‘‘আমাৰ হাতত অনাস্থা প্ৰস্তাৱৰ আশ্ৰয় লোৱাৰ বাহিৰে আন কোনো বিকল্প নাই’’ বুলি কয় সাংসদ চৌধুৰীয়ে ।

লগতে পঢ়ক:Manipur Crisis: সদনত মণিপুৰক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু চৰকাৰ; অমিত শ্বাহ

কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীৰ “কঠোৰ চাপৰ দাবী” নাকচ কৰি আহিছে । কিন্তু তেওঁ (মোদীয়ে) আমাৰ কঠোৰ দাবী নাকচ কৰি আহিছে । অৱশ্যে সেয়া আছিল এক নিৰাপদ দাবী । তথাপিও প্ৰধানমন্ত্ৰীয়ে আমাৰ দাবী বিবেচনা কৰা নাই । সেইবাবেই আমি অনাস্থা প্ৰস্তাৱ অনাৰ কথা ভাবিলোঁ । য'ত বিৰোধীৰ যুক্তি তথা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে নিজেই দিব বুলি বিশ্বাস কৰা হৈছে ।"

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বিতং আলোচনাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ বাবে বিৰোধীয়ে দাবী জনাই আহিছে৷ যাৰ বাবে লোকসভা আৰু ৰাজ্যসভাত স্থগিতাদেশৰ সন্মুখীন হৈছে । মণিপুৰ সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰ সাজু বুলি উল্লেখ কৰিছে যদিও বিৰোধী দলসমূহে এক নিয়মৰ অধীনত আলোচনাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে য’ত ভোটদানৰ বিষয়টোও জড়িত হৈ আছে ।

ABOUT THE AUTHOR

...view details