অসম

assam

ETV Bharat / bharat

Tripura civic body Poll : পুনৰ নিৰ্বাচনৰ দাবী বিৰোধীৰ - ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Tripura civic body Poll)ৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিক সমালোচনা কৰি বিৰোধীয়ে এই নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে । ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু আৰক্ষীক সমালোচনা কৰি চিপিআই(এম)য়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে ।

Tripura civic body Poll
পুনৰ নিৰ্বাচনৰ দাবী বিৰোধীৰ

By

Published : Nov 26, 2021, 11:43 AM IST

আগৰতলা, ২৬ নৱেম্বৰ :বৃহস্পতিবাৰে সম্পন্ন হৈছে ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Tripura civic body Poll)। বিয়লি ৪ বজালৈ ভোটদানৰ হাৰ আছিল ৮১.৫২ শতাংশ । ২১ টা ৱাৰ্ডৰ ভিতৰত ১৪ টা ৱাৰ্ডত অনুষ্ঠিত হৈছে নিৰ্বাচন । কিয়নো ৭ টা ৱাৰ্ডত ইতিমধ্যে বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে ।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই জনোৱা মতে যে তেওঁলোকে প্ৰতিবেদনবোৰ যুগুত কৰি আছে আৰু এতিয়ালৈকে কোনো ডাঙৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই । তেওঁলোকৰ মতে কেৱল কিছুমান সাধাৰণ ঘটনাৰ বাহিৰে ৰাজ্যখনত কোনো ডাঙৰ ঘটনা সংঘটিত হোৱা নাই । ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে কোনো কোনো স্থানত ইভিএম বিকল হোৱাৰ খবৰ পোৱা গৈছিল কিন্তু পৰৱৰ্তী সময়ত সেইবোৰ সলনি কৰা হৈছিল ।

ইয়াৰ মাজতে আকৌ বিৰোধীৰ অভিযোগ শাসকীয় বিজেপিৰ গুণ্ডা বাহিনীয়ে ভোটকেন্দ্ৰ দখল কৰাৰ উপৰিও বিভিন্ন স্থানত আক্ৰমণ কৰিছে । যাৰ বাবে বিৰোধীয়ে পুনৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰিছে ।সংবাদমেল সম্বোধন কৰি বাওঁমৰ্চাৰ আহ্বায়ক নাৰায়ণ কাৰ আৰু চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, সাধাৰণ ভোটাৰসকলে ভয় আৰু শংকাৰ মাজেৰে ভোটদান কৰিবলগীয়া হৈছে ।

তেওঁলোকৰ অভিযোগ এয়া বিজেপিৰ ফেচীবাদী শাসনৰ ফলাফল । আইনৰ সলনি ত্ৰিপুৰাত এতিয়া মাফিয়া ৰাজ চলে বুলিও গুৰুতৰ অভিযোগ কৰিছে বিৰোধী নেতাকেইজনে । তেওঁলোকৰ মতে ২০২০ ৰ ডিচেম্বৰত নিৰ্বাচনৰ দিন উকলাৰ পাছতো ১৯ টা নগৰীয়া স্থানীয় সংস্থা আৰু এএমচিৰ নিৰ্বাচন কোনো বৈধ কাৰণ নোহোৱাকৈয়ে স্থগিত কৰা ৰখা হৈছিল । বাওঁমৰ্চাৰ আহ্বায়ক নাৰায়ণ কাৰৰ মতে সকলো প্ৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বিজেপিয়ে ভয় খায় এই নিৰ্বাচন স্থগিত ৰাখিছিল ।

তেওঁ লগতে কয় যে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগদিনাৰ পৰা ভোটকেন্দ্ৰসমূহ দখল কৰিছে বিজেপিয়ে আৰু নিৰ্বাচন নোহোৱা অঞ্চলসমূহৰ পৰা ভোটদানৰ বাবে বৃহৎ সংখ্যক লোকক ভাড়াত অনা হৈছে । তেওঁৰ অভিযোগ এই নিৰ্বাচনত কোনো বিৰোধী দলকে তেওঁলোকৰ সাংবিধানিক অধিকাৰ প্ৰয়োগ কৰিবলৈ দিয়া হোৱা নাই । সাধাৰণ ভোটাৰসকলকো তেওঁলোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে । ইফালে এই সমগ্ৰ প্ৰক্ৰিয়াত ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু আৰক্ষী যন্ত্ৰ শাসকীয় বিজেপিৰ সৈতে একেলগে কাম কৰিছে বুলিও গুৰুতৰ অভিযোগ কৰে বিৰোধী নেতাগৰাকীয়ে ।

বিৰোধীসকলে আগৰতলা পৌৰ নিগম, ধৰ্মনগৰ পৌৰ পৰিষদ, খোৱাই পৌৰ পৰিষদ, বেলোনিয়া পৌৰ পৰিষদ, মেলাঘৰ পৌৰ পৰিষদ আৰু পানীসাগৰ নগৰ পঞ্চায়তৰ ৪, ৮ আৰু ১০ নং ৱাৰ্ড, উপকোঠা নগৰ পঞ্চায়তৰ ৱাৰ্ড নং ২ আৰু ৫ নং ৱাৰ্ড আৰু সোনামুৰা নগৰ পঞ্চায়তৰ ৫ নং ৱাৰ্ডত পুনৰ নিৰ্বাচনৰ দাবী জনায় । জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব । হিংসাত্মক ঘটনাৰ সকলো ভিডিঅ' ফুটেজৰ সৈতে উচ্চতম ন্যায়ালয়ত তেওঁলোকে এখন পৃথক শপতনামা দাখিল কৰিব ।

টিএমচিৰ জ্যেষ্ঠ নেতা ৰাজীৱ বেনাৰ্জীয়ে কয় যে পুৱাৰ পৰা তেওঁলোকৰ প্ৰাৰ্থী, প'লিং এজেণ্টৰ ওপৰত আক্ৰমণ কৰা হৈছিল । তেওঁ জনোৱা মতে ৰাজ্যত মুঠ ১০০ টা অভিযোগ দাখিল কৰা হৈছে ।বেনাৰ্জীৰ মতে ভোটগ্ৰহণৰ দিনটোত সংঘটিত হিংসাত্মক ঘটনাত বহুলোক আঘাতপ্ৰাপ্ত হৈছে আৰু টিএমচিৰ দহজন প্ৰাৰ্থীয়ে তেওঁলোকৰ ভোট প্ৰদানত ব্যৰ্থ হৈছে ।

ইফালে বিৰোধী কংগ্ৰেছেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিৰজিৎ সিনহাই সমগ্ৰ ঘটনাক গৰিহণা দিয়াৰ লগতে পুনৰ নিৰ্বাচনৰ দাবী জনাইছে । অৱশ্যে বিৰোধীৰ অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় যে বিজেপিৰ কোনো কৰ্মী অবৈধ কাৰ্যকলাপত জড়িত আছে নেকি সেই সম্পৰ্কে তেওঁৰ দলে তদন্ত কৰিব । যদি কোনো জড়িত আছে তেন্তে তেওঁলোকৰ দলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় বিজেপি নেতাগৰাকীয়ে ।

লগতে পঢ়ক:Violence in Tripura Civic body election : পুনৰ নিৰ্বাচনৰ দাবী তৃণমূলৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details