অসম

assam

ETV Bharat / bharat

Govt to repeal Farm laws : কৃষি আইন বাতিলৰ ঘোষণাক 'কৃষকৰ বিজয়' আখ্যা বিৰোধীৰ - ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

তিনিখন কৃষি আইন(Farm laws) বাতিল কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ঘোষণা কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক সংগঠনৰ লগতে বিৰোধী দলৰ নেতাসকলেও । কৃষি আইন বাতিলৰ এই ঘোষণাক 'কৃষকৰ বিজয়'(Victory of farmers) আখ্যা দিলে বিৰোধীয়ে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Mamata Banerjee)য়ে কয় যে, বিজেপিৰ "নিষ্ঠুৰতা"ই অন্নদাতা অৰ্থাৎ কৃষকক বিচলিত কৰিব নোৱাৰিলে ।

Opposition leaders reaction
কৃষি আইন বাতিলৰ ঘোষণাক 'কৃষকৰ বিজয়' আখ্যা বিৰোধীৰ

By

Published : Nov 19, 2021, 2:20 PM IST

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ: দৰিদ্ৰ কৃষকৰ ত্যাগ, কষ্ট, দৃঢ় মনোবলৰ ওচৰত পৰাজয় বৰণ মোডী চৰকাৰৰ । ২০২০ চনৰ ২৬ নৱেম্বৰত দিল্লী সীমান্তৰ বিভিন্ন স্থানত আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদ(Farmers protest) আজি যেন সাৰ্থক হ'ল । প্ৰচণ্ড ঠাণ্ডা, উৎকট গৰম, ৰ'দ-বৰষুণেও কৃষকক বিচলিত কৰিব পৰা নাছিল । কৃষি আইন বাতিলৰ দাবীত বহু কষ্টেৰে প্ৰতিবাদ অব্যাহত ৰাখিছিল অক্লান্ত কৃষকে ।

কিন্তু শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ এক ঘোষণাই হাঁহি বিৰিঙালে কৃষকৰ মুখত । তিনিওখন কৃষি আইন(Farm laws) বাতিল কৰিব বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক ঘৰলৈ যাবলৈ আহ্বান জনায় । কিন্তু সংসদত কৃষি আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে কৃষকসকলে । আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক সংগঠনৰ লগতে বিৰোধী দলৰ নেতাসকলেও ।

কৃষি আইন বাতিলৰ এই ঘোষণাক 'কৃষকৰ বিজয়'(Victory of farmers) আখ্যা দিলে বিৰোধীয়ে । প্ৰধানমন্ত্ৰীয়ে কৃষি আইন বাতিলৰ বিষয়ে ঘোষণা কৰাৰ কেইমিনিটমান পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Congress leader Rahul Gandhi)য়ে টুইটযোগে উল্লেখ কৰে যে, কৃষকৰ 'সত্যাগ্ৰহ' আন্দোলনে অহংকাৰীক শিৰ নত কৰিবলৈ বাধ্য কৰিছে ।

দেশৰ কৃষকসকলক শুভেচ্ছা জনাই কংগ্ৰেছ নেতাজনে উল্লেখ কৰে যে, এয়া অন্যায়ৰ বিৰুদ্ধে বিজয় । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Mamata Banerjee)য়ে কৃষকসকলক তিনিখন কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজত জয়ী হোৱাৰ বাবে অভিনন্দন জনায় আৰু লগতে কয় যে, বিজেপিৰ "নিষ্ঠুৰতা"ই অন্নদাতা অৰ্থাৎ কৃষকক বিচলিত কৰিব নোৱাৰিলে । লগতে এই যুঁজত প্ৰিয়জনক হেৰুওৱা সকলোৰে প্ৰতি তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে( Ashok Gehlot) কয় যে, তিনিখন কৃষি আইন বাতিলৰ ঘোষণাৰ অৰ্থ হৈছে গণতন্ত্ৰৰ জয় আৰু কেন্দ্ৰৰ অহংকাৰৰ "পৰাজয়" ।

শিৱসেনা আৰু এনচিপিয়ে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই কয় যে, চৰকাৰে অৱশেষত আন্দোলনকাৰী কৃষকসকলৰ আগত হাৰ মানিলে । শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে(Shiv Sena leader Sanjay Raut) কয় যে, প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ মুখৰ পৰা জনতাৰ 'মন কি বাত' ওলাইছে ।

তেওঁ লগতে কয় যে, বিজেপি নেতাসকলে মুকলিকৈ এই কৃষকসকলক খালিস্তানী আৰু পাকিস্তানী বুলি কৈছিল । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Arvind Kejriwal) শুকুৰবাৰে বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ চৰকাৰৰ ঘোষণাক আদৰণি জনাই কয় যে, কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰাণ হেৰুওৱা কৃষকসকলৰ "ত্যাগ" অমৰ হৈ থাকিব ।

কৃষি আইন বাতিল কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক কৃষক আৰু কংগ্ৰেছৰ বাবে এক বৃহৎ জয় বুলি অভিহিত কৰি জ্যেষ্ঠ নেতা পি চিদাম্বৰমে শুকুৰবাৰে চৰকাৰক সমালোচনা কৰি কয় যে, এই পদক্ষেপ মনৰ পৰিৱৰ্তনৰ পৰিণতি নহয় । এয়া কেৱল নিৰ্বাচনৰ ভয়ৰ বাবে লোৱা এক পদক্ষেপ । এছএডিৰ নেতা প্ৰকাশ সিং বাদলে(Parkash Singh Badal) কয় যে, গুৰুপৰ্বৰ দিনা প্ৰধানমন্ত্ৰীৰ কৃষি আইন বাতিলৰ ঘোষণা কৃষকসকলৰ এক ঐতিহাসিক বিজয় ।

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে(Bhupesh Baghel) কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰক বাধ্য কৰোৱাৰ বাবে কৃষকসকলক অভিনন্দন জনায় । লগতে চৰকাৰৰ ঘোষণাক কেৱল কৃষকৰ বাবেই নহয়, গণতন্ত্ৰৰ বিজয় বুলি অভিহিত কৰে । তেওঁ কয় যে, অন্যায়ৰ বিৰুদ্ধে এয়া গণতন্ত্ৰৰ জয় । এনেদৰে বিৰোধী নেতাসকলে কৃষি আইন বাতিলৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে ।

লগতে পঢ়ক:Farm Law Repealed : অথলে নগ’ল দেশৰ কৃষকৰ বিদ্ৰোহ; নতজানু মোডী চৰকাৰ

ABOUT THE AUTHOR

...view details