নেশ্যনেল ডেস্ক, 19 আগষ্ট:পুনৰ শোকাৱহ ঘটনা অমৰনাথ যাত্ৰাত ৷ 300 ফুট তললৈ পিচলি পৰাৰ ফলত মৃত্যু হয় এগৰাকী তীৰ্থযাত্ৰীৰ ৷মাউণ্টেন ৰেচকিউ টিম আৰু সেনাই যৌথভাৱে অভিযান চলাই তীৰ্থযাত্ৰীজনক উদ্ধাৰ কৰিছিল যদিও পিছলৈ তেওঁৰ মৃত্যু হয় বুলি জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
49 দিনীয়া এই যাত্ৰা অব্যাহত থকাৰ সময়তে কালী মাতাৰ সমীপত পৰি তীৰ্থযাত্ৰীগৰাকীৰ মৃত্যু হয় । তীৰ্থযাত্ৰীগৰাকী বিজয় কুমাৰ শ্বাহ (50) বুলি চিনাক্ত কৰা হৈছে ৷ বিহাৰৰ ৰোহতাছৰ টুম্বা গাঁৱৰ নিবাসী বুলি জানিবলৈ পৰা গৈছে তীৰ্থযাত্ৰীগৰাকীক । তেওঁৰ লগত আছে আন এগৰাকী তীৰ্থযাত্ৰী মমতা কুমাৰী ।
পৱিত্ৰ অমৰনাথ গুহা দৰ্শন কৰি উভতি অহাৰ সময়তে কালিমাতাৰ সমীপৰ ট্ৰেকৰ পৰা পিচলি 300 ফুট তলত পৰি মৃত্যু ঘটে বিজয় নামৰ তীৰ্থযাত্ৰীগৰাকীৰ । তেওঁৰ লগত থকা মহিলাগৰাকীও আহত হয় বুলি জানিব পৰা গৈছে । চিকিৎসাৰ বাবে ব্ৰাৰিমাৰ্গ বেছ কেম্প হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে মহিলাগৰাকীক । বিজয় কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰি বাল্টাল বেছ কেম্প হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।