অসম

assam

ETV Bharat / bharat

MP Asaduddin Owaisi: বহুদলীয় সংসদীয় গণতন্ত্ৰৰ বাবে ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ এক দুৰ্যোগস্বৰূপ হ’ব; ওৱেইছি - ভাৰতৰ সংবিধান

"এইয়া হৈছে সমিতিক নিযুক্তি দিয়া এক অধিসূচনা যিয়ে #OneNationOneElection ৰ চোৱা-চিতা কৰিব ৷ ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে, এয়া কেৱল আনুষ্ঠিকতাহে আছিল, চৰকাৰে ইতিমধ্যে এই পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷" হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছি ৷

MP Asaduddin Owaisi
বহুদলীয় সংসদীয় গণতন্ত্ৰৰ বাবে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' এক দুৰ্যোগস্বৰূপ হ'ব: ওৱেইছি

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:22 PM IST

নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ : এআইএমআইএমৰ অধ্যক্ষ তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে বিজেপি চৰকাৰৰ 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' পৰিকল্পনাই বহুদলীয় সংসদীয় গণতন্ত্ৰ আৰু ফেডাৰেলিজমৰ বাবে এক দুৰ্যোগ হ’ব বুলি আখ্যা দিয়ে ৷

সাংসদগৰাকীয়ে টুইটাৰত এক পোষ্টৰ জৰিয়তে উল্লেখ কৰে যে, এইয়া হৈছে সমিতিক নিযুক্তি দিয়া এক অধিসূচনা যিয়ে #OneNationOneElection ৰ চোৱা-চিতা কৰিব ৷ ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে, এয়া কেৱল আনুষ্ঠিকতাহে আছিল, চৰকাৰে ইতিমধ্যে এই পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এক ৰাষ্ট্ৰ এক নিৰ্বাচন বহুদলীয় সংসদীয় গণতন্ত্ৰ আৰু ফেডাৰেলিজমৰ বাবে এক দুৰ্যোগ হ'ব ৷

আগন্তুক ৰাজ্যিক নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোদীয়ে ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰিব লগা হৈছিল ৷ তেওঁ এইবোৰ কাৰ্যৰদ্বাৰা এক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰে যাৰদ্বাৰা তেওঁলোকৰ নিৰ্বাচনত জয়ী হ’বলৈ সুবিধা হয় ৷ যাতে তেওঁ পৰৱৰ্তী পাঁচ বছৰতো কোনো দায়বদ্ধতা অবিহনে জনবিৰোধী নীতি পালন কৰিব পাৰে ৷

‘‘মোদী চৰকাৰে চৰকাৰী সমিতিৰ মুৰব্বী হিচাপে এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক নিযুক্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰে উচ্চপদৰ অৱনতি ঘটাইছে ৷ এজন প্ৰাক্তন ৰাজ্যসভা এলঅ'পি কিয় অন্তৰ্ভুক্ত কৰা হৈছে ? সমিতিৰ আন সদস্যসকলৰ চৰকাৰ পন্থী দৃষ্টিভংগী স্পষ্ট হৈ পৰিছে ৷ তেওঁলোকে বাৰে বাৰে কৰা ৰাজহুৱা মন্তব্যৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে ৷ এনে ধৰণৰ যিকোনো প্ৰস্তাৱ ৰূপায়ণৰ আগতে ভাৰতৰ সংবিধানৰ কমেও পাঁচটা অনুচ্ছেদ আৰু কেইবাখনো আইন সংশোধন কৰিব লাগিব ৷ এই প্ৰস্তাৱটোৱেই সংবিধান আৰু ফেডাৰেলিজমৰ বিৰোধী ৷ এই সমিতিৰ কাম হৈছে ভোটাৰসকলৰ ইচ্ছাৰ বিৰোধিতা কৰা আৰু জনসাধাৰণৰ কণ্ঠস্বৰক পৰাজিত কৰাৰ এক অনুশীলন ,’’ ওৱেছিয়ে টুইটত উল্লেখ কৰে ৷

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে লোকসভা, ৰাজ্যিক বিধানসভা, পৌৰসভা আৰু পঞ্চায়তসমূহৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত পৰীক্ষা আৰু পৰামৰ্শ দিয়াৰ বাবে 8 জনীয়া উচ্চ-পৰ্যায়ৰ সমিতি এখনক জাননী প্ৰদান কৰে ৷ জাননীখনত উল্লেখ কৰা হৈছিল যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পেনেলখনৰ নেতৃত্ব দিব লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদ আৰু বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং সদস্য হিচাপে থাকিব ৷ অৱশ্যে,গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত, অধীৰ ৰঞ্জন চৌধুৰীয়ে পেনেলৰ অংশ হ'বলৈ অস্বীকাৰ কৰে ৷

লগতে পঢ়ক:G20 in Delhi: ভাৰতৰ দৃষ্টিভংগী বিশ্বৰ ভৱিষ্যতৰ বাবে ৰোডমেপ; প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details