অসম

assam

ETV Bharat / bharat

Teacher appointment scam: শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ - প্ৰদেশৰ লংডিং জিলাৰ শিক্ষক নিযুক্তি কেলেংকাৰী

অব্যাহত আছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ অনুসন্ধান ৷ ঘটনা সন্দৰ্ভত পুনৰ এজনক গ্ৰেপ্তাৰ ।

Teacher appointment scam in Arunachal
শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

By

Published : Aug 4, 2023, 1:52 PM IST

তেজপুৰ, 5 আগষ্ট: অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আন এজন অভিযুক্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগৰ গাণনিক বিষয়া যাছি ৱাংছোঁৰ নেতৃত্বত বিশেষভাৱে গঠন কৰা আৰক্ষীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত আনজন অভিযুক্তক ।

শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

পূৱ অৰুণাচল প্ৰদেশৰ লংডিং জিলাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শিক্ষা বিভাগৰ 28 গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে অৰুণাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰে তৎপৰতা ৷ এই কেলেংকাৰীৰ থ্য উদ্ঘাটন কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰে এক বিশেষ তদন্ত কমিটি গঠন কৰি দিয়ে ।

এই বিষয়ত SIC (VIG) PSC/NO.02/2023 U/S120 (B)/420 /409{468/471 IPC R/W Sec.13(2) PC Act.1988 ৰ অধীনত গোচৰ ৰুজু কৰিছিল অৰুণাচল প্ৰদেশ আৰক্ষীয়ে । অৱশেষত তদন্ত কমিটিয়ে জিলা শিক্ষা বিভাগৰ TGI Accounts বিষয়া DDSE ক দোষী সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰে । এই গ্ৰেপ্তাৰৰ পূৰ্বে এই কেলেংকাৰীৰ সৈতে জড়িত আন এজন লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ।

অৰুণাচল প্ৰদেশ সচিবালয়ৰ পৰা প্ৰকাশিত এক জাননীযোগে লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । উত্তৰ-পূবৰ ৰাজ্যখনত অবৈধভাৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিয়োগ কৰা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া তথা শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক জোমডো লোনাক (61) গ্ৰেপ্তাৰ কৰিছিল ৷ লোনাকৰ বাসগৃহৰ পৰা বিশেষ অনুসন্ধান কোষে গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰাজ্যখনৰ প্ৰশাসনিক বিষয়া নিযুক্তি প্ৰক্ৰিয়াত এক বিসংগতি ধৰা পৰিছিল আৰু বিষয়টো উচ্চস্তৰৰ কমিটিয়ে তদন্ত অব্যাহত ৰাখিছে । অৰুণাচল প্ৰদেশই ৰাজ্যিক লোক সেৱা আয়োগৰ পৰীক্ষাত প্ৰশ্নকাকত লিকেজ গোচৰৰ সন্দৰ্ভত এজন প্ৰাৰ্থী আৰু এজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শিক্ষকসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :Loksabha election 2024: যুৱ চামক লগত লৈ মছনদ দখলৰ লক্ষ্য; ৰাহুলৰ নতুন অভিযান ‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details