অসম

assam

Odisha news train accident: ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰে’ল বাতিল, ডাইভাৰ্চন আৰু আংশিকভাৱে বাতিল কৰা ৰে’লৰ সকলো তথ্য জানক

By

Published : Jun 3, 2023, 1:29 PM IST

ৰে’ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰে’ল বিভাগে কৰিবলগীয়া হ’ল বহু সালসলনি (Odisha train accident) ৷ সবিশেষ জানক আগলৈ-

Odisha news
ৰে’ল দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 3 জুন :ওড়িশাৰ ৰে’ল ট্ৰেজেডিৰ পাচতে পূৱ ৰে’লৱে সংমণ্ডলে কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে (Odisha train accident 2023) ৷ ভুৱনেশ্বৰত অৱস্থিত পূৱ ৰে’লৱে সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰে’ল ট্ৰেজেডিৰ পাচতে এই সিদ্ধান্ত লোৱা হয় ৷

আংশিকভাৱে বাতিল কৰা ৰে’লসমূহ :

1. খড়গপুৰৰ পৰা চলিবলগীয়া 18021 খড়গপুৰ-খুৰধা ৰোড এক্সপ্ৰেছ

2. বানগিৰিপচিৰ পৰা চলিবলগীয়া 12891 বানগিৰিপচিৰ-ভুৱনেশ্বৰ এক্সপ্ৰেছ

3. জেনাপুৰৰ পৰা ভুৱনেশ্বৰলৈ চলিবলগীয়া 18411 বালাচোৰ-ভুৱনেশ্বৰ মেমু

4. খুৰ্দা ৰোডৰ পৰা খড়গপুৰলৈ চলিবলগীয়া 18022 খুৰ্দা ৰোড-খড়গপুৰ এক্সপ্ৰেছ

5. 12892 ভুৱনেশ্বৰ-বনগিৰিপোচি এক্সপ্ৰেছ খন জাজপুৰ ৰোডৰ পৰা বনগিৰিপোচিলৈ বাতিল হ’ব

6. ভুৱনেশ্বৰৰ পৰা 08412 ভুৱনেশ্বৰ-বালাচোৰ ৰে’লখন জেনাপুৰৰ পৰা বালাচোৰলৈ বাতিল

বাতিল কৰা ৰে’লসমূহ :

1. পুৰীৰ পৰা চলাচল কৰা 03229 পুৰি-হাৱৰা বিশেষ ৰে’ল

2. পুৰীৰ পৰা চলিবলগীয়া 18410 পুৰি-চালিমাৰ শ্ৰী জগনাথ এক্সপ্ৰেছ

3. পুৰীৰ পৰা চলিবলগীয়া 08012 পুৰি ভানঞ্জাপুৰ বিশেষ ৰে’ল

পথ সলনি কৰা ৰে’লসমূহ :

1.পুৰীৰ পৰা 03229 পুৰী-পাটনা বিশেষ ৰে’ল জাখাপুৰা-জাৰোলী পথহৈ চলিব

2. চেকেন্দ্ৰাবাদৰ পৰা 22850 চেকেন্দ্ৰাবাদ-শালিমাৰ এক্সপ্ৰেছখন জাখাপুৰা আৰু জাৰুলী হৈ চলিব

3.পুৰীৰ পৰা 12801 পুৰী-নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ জাখাপুৰা আৰু জাৰোলী পথ হৈ চলিব

4.18477 পুৰী-ঋষিকেশ কলিংগ উৎকল এক্সপ্ৰেছ অনুগুল-সম্বলপুৰ মহানগৰ-ঝাৰচুগুড়া ৰোড-IB পথহৈ চলিব

5. সম্বলপুৰৰ পৰা 22804 সম্বলপুৰ-শালিমাৰ এক্সপ্ৰেছ সম্বলপুৰ মহানগৰ-ঝাৰচুগুড়া পথৰ মাজেৰে চলিব

6. বাংগালোৰৰ পৰা 12509 বাংগালোৰ-গুৱাহাটী এক্সপ্ৰেছ খন বিজয়নগৰম-তিতিলাগড়-ঝাৰচুগুড়া-টাটা পথেৰে চলিব

7. 15929 তাম্বাৰাম-নিউ তিনিচুকীয়া এক্সপ্ৰেছ তাম্বাৰামৰ পৰা ৰণিতাল-জাৰুলী পথেৰে চলিব

আনহাতে এইসমূহ ৰে’ল বাতিল আৰু চলাচলৰ ক্ষেত্ৰত পথ পৰিবৰ্তনৰ পিচতে কিছু পৰিমাণে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন যে নহ’ব সেয়া নুই কৰিব নোৱাৰি ৷ অৱশ্যে প্ৰশাসনে দ্ৰুতগতিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ইফালে কিছু সময়ৰ পাচতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিব বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক :Odisha Train Accident : ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী; পৰিদৰ্শন কৰিব কটকৰ চিকিৎসালয়

ABOUT THE AUTHOR

...view details