অসম

assam

ETV Bharat / bharat

আৰ এছ এছৰ বাবেই পশ্চিমবংগ নিৰ্বাচনত সক্ৰিয় নাছিল মুকুল ৰয় !

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি(BJP) নেতৃত্বই মুকুল ৰয়ক নিষ্ক্ৰিয় কৰি ৰখাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মুকুল ৰয়ৰ তৃণমূল কংগ্ৰেছলৈ উভতি অহাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছৰে পৰা এই প্ৰশ্নই অধিক চৰ্চা লাভ কৰিছে । বিজেপিৰ এক সূত্ৰৰ মতে আৰ এছ এছৰ (RSS) আপত্তিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি নেতৃত্বই মুকুল ৰয়ক একাষৰীয়া কৰি ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবলৈ বাধ্য হৈছিল । ৰয়ে দিয়া প্ৰাৰ্থী তালিকাও যথেষ্ট পৰিমাণে পৰীক্ষা আৰু সংশোধন কৰা হৈছিল ।

By

Published : Jun 16, 2021, 10:06 PM IST

Mukul Roy
পশ্চিমবংগ নিৰ্বাচনত মুকুল ৰয় নিষ্ক্ৰিয় হৈ থকাৰ অন্যতম কাৰণ আছিল আৰ এছ এছ

নিউজ ডেস্ক,১৬ জুন :২০২১ চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি(BJP) নেতৃত্বই মুকুল ৰয়ক নিষ্ক্ৰিয় কৰি ৰখাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ৰয়ৰ তৃণমূল কংগ্ৰেছলৈ উভতি অহাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছৰে পৰা এই প্ৰশ্নই অধিক চৰ্চা লাভ কৰিছে । অৱশ্যে, বিজেপিৰ শেহতীয়া আভ্যন্তৰীণ প্ৰতিবেদনে কিছুমান বিশেষ তথ্য পোহৰলৈ আহিছে ।

জানিব পৰা মতে আৰ এছ এছৰ (RSS) আপত্তিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি নেতৃত্বই মুকুল ৰয়ক একাষৰীয়া কৰি ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবলৈ বাধ্য হৈছিল । বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ সৈতে যোগাযোগ কৰাত সায়ন্তন বসুৱে ইটিভি ভাৰতক কয় যে যদি কিছুমান লোকে ভিতৰৰ পৰা ধ্বংসাত্মক কাম কৰে তেন্তে তেওঁৰ বাবে প্ৰযোজ্য একমাত্ৰ বিশেষণ হৈছে মিৰ্জাফাৰ(Mirzafar)।

অৱশ্যে আৰ এছ এছক ইয়াৰ বাবে ধন্যবাদ জনাই নেতাগৰাকীয়ে ৷ কিয়নো যদি তেওঁলোকে সময়মতে ৰাজ্যিক নেতৃত্বক সতৰ্ক নকৰিলে হয় যথেষ্ট ক্ষতিৰ সন্মুখীন হ'লহেতেন বিজেপি । তেওঁ লগতে কয় যে নিৰ্বাচনৰ পূৰ্বে তৃণমূলৰ পৰা বিজেপিলৈ অহা সকলক সাধাৰণতে ৰাইজে প্ৰত্যাখ্যান কৰিছিল আৰু নিৰ্বাচনৰ ফলাফলে সেইটোৱে প্ৰমাণ কৰিছে ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুকুল ৰয়ক বিজেপিয়ে পশ্চিমবংগৰ বাবে নিৰ্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিছিল । প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি প্ৰচাৰৰ ৰণনীতি চূড়ান্ত কৰালৈকে, ৰয়ে তেতিয়া সকলোবোৰ এককভাৱে কৰিছিল । বিজেপিয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৪২ টা সমষ্টিৰ ভিতৰত ১৮ টা দখল কৰিছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ব্যক্তিগতভাৱে তেওঁক এই বৃহৎ সফলতাৰ বাবে অভিনন্দন জনাইছিল । কিন্তু ইমানৰ পিছতো বিধানসভা নিৰ্বাচনত তেওঁক একাষৰীয়া কৰা কথাটোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

আভ্যন্তৰীণ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে আৰ এছ এছৰ নেতাসকলে অমিত শ্বাহলৈ ৩৫ পৃষ্ঠাৰ এখন পত্ৰ প্ৰেৰণ কৰিছিল য'ত ৰয় আৰু তৃণমূল নেতৃত্বৰ মাজত গোপন সম্পৰ্কৰ বিৱৰণ দিয়া হৈছিল । সেয়েহে আভ্যন্তৰীণ প্ৰতিবেদন অনুসৰি আৰ এছ এছে বিজেপি নেতৃত্বক দলটোৰ বহুতো আভ্যন্তৰীণ বিষয় ৰয়ক অৱগত নকৰিবলৈ পৰামৰ্শ দিছিল । লক্ষণীয়ভাৱে আৰ এছ এছৰ এই পৰামৰ্শই বিজেপি নেতৃত্বক শেহতীয়াকৈ সমাপ্ত নিৰ্বাচনত কৃষ্ণাগৰ (উত্তৰ) বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে মুকুল ৰয়ৰ নাম ঘোষণা কৰিবলৈ প্ৰৰোচিত কৰিছিল । যদিও বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গীয়া মুকুল ৰয়ৰ অত্যন্ত ঘনিষ্ঠ আছিল তথাপিও তেওঁ অমিত শ্বাহৰ নিৰ্দেশনা মানিবলৈ বাধ্য হৈছিল ।

ইফালে আৰ এছ এছৰ পৰ্যৱেক্ষণৰ পিছত অমিত শ্বাহে তৃণমূলৰ পৰা বিজেপিলৈ অহা বেছিভাগ নেতাক লৈ সন্দিহান হৈ পৰিছিল । সেয়ে তেওঁ বিভিন্ন কেন্দ্ৰীয় নেতাক পশ্চিমবংগৰ বিভিন্ন সমষ্টিৰ দায়িত্ব দিছিল । ইয়াৰে কিছুমান শক্তিশালী কেন্দ্ৰীয় নেতা আছিল যেনে বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয় আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ।

বিজেপি সূত্ৰৰ মতে দলত তেওঁৰ সমৰ্থকসকলক বাৰ্তা দিবলৈ বিজেপিত ৰয়ৰ গুৰুত্বও হ্ৰাস কৰা হৈছিল । আনকি ৰয়ে দিয়া প্ৰাৰ্থী তালিকাও যথেষ্ট পৰিমাণে পৰীক্ষা আৰু সংশোধন কৰা হৈছিল । এগৰাকী বিজেপি নেতাই কয় যে যদিও তেওঁক দলত ৰখা হৈছিল তথাপিও তেওঁৰ ভূমিকা যথেষ্ট পৰিমাণে হ্ৰাস কৰা হৈছিল । তেওঁ লগতে কয় যে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই আগতীয়াকৈ আশংকা কৰিছিল যে ৰয় পুনৰ তৃণমূললৈ যাব যদি হে তৃণমূল পুনৰ ক্ষমতালৈ ঘূৰি আহে।

লগতে পঢ়ক:ভয়ংকৰ বান আৰু ভূমিস্খলনৰ কৱলত নেপাল

ABOUT THE AUTHOR

...view details