নিউজ ডেস্ক, ২ আগষ্ট : সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈকে পাঁচজন লোক নিহত হৈছে । আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হিন্দু সংগঠনবোৰে বুধবাৰে মানেচাৰত এখন পঞ্চায়তৰ আহ্বান কৰিছে । লগতে বিশ্ব হিন্দু পৰিষদেও পাণিপথত বন্ধৰ আহ্বান জনাইছে । এই হিংসাত বহু লোক আহত হৈছে ।
আনহাতে, আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাৰ ৮ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । এই জিলাসমূহৰ ভিতৰত আছে নুহ, পালৱাল, ফৰিদাবাদ, ৰেৱাৰী, গুৰুগ্ৰাম, মহেন্দ্ৰগড়, সোনিপট আৰু পাণিপথ । অৱশ্যে গুৰুগ্ৰামৰ বাহিৰে মঙলবাৰে বেছিভাগ অঞ্চলতে পৰিস্থিতি স্বাভাৱিক আছিল । ইফালে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে নুহ জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে ।
এই হিংসাত্মক ঘটনাত নিহত পাঁচজনৰ ভিতৰত আছে দুজন আৰক্ষী আৰু তিনিজন সাধাৰণ নাগৰিক । নিৰাপত্তা বৰ্তাই ৰাখিবলৈ গুৰুগ্ৰামৰ পৰা নুহলৈ আৰক্ষীৰ এটা দল গৈ থকাৰ সময়ত দুজন গৃহৰক্ষী নিহত হয় । সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে গুৰুগ্ৰামৰ এখন ধাবা ভাঙি লণ্ডভণ্ড কৰা হয় । আনহাতে, ৰেৱাৰীত কিছু অচিনাক্ত লোকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বস্তিত অগ্নিসংযোগ কৰে ।
গুৰুগ্ৰাম আৰক্ষীয়ে এই হিংসাত নিহত গৃহৰক্ষী কৰ্মী দুজনৰ পৰিয়াললৈ ৫৭ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে । ইয়াৰ উপৰি হিংসা বিয়পোৱাৰ বাবে ৪৪ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ৭০ জন লোকক আটক কৰা হৈছে । নুহত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ২০ টা কোম্পানী মোতায়েন কৰা হৈছে ।