অসম

assam

ETV Bharat / bharat

কমলা হেৰিছেই নহয়, ভাৰতেৰে সম্পৰ্ক আছে জ' বাইডেনৰ ! - আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি

জ‘ বাইডেনেও ইতিপূৰ্বে ভাৰতেৰে নিজৰ সম্পৰ্ক থকাৰ দাবী কৰিছে ৷ 2013 চনত প্ৰথম বাৰৰ বাবে জ‘ বাইডেন মুম্বাইলৈ আহিছিল ৷ 2015 ত জ‘ বাইডেন কৈছিল যে, তেখেতৰ বংশধৰ জৰ্জ বাইডেন আছিল ৷ যিজন জৰ্জ বাইডেন জ‘ বাইডেনৰ ককাদেউতাক আছিল আৰু তেখেত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন কেপ্তেইন আছিল ৷

Not Just Kamala Harris, Joe Biden Too Has Roots In Chennai!
কমলা হেৰিছেই নহয়, ভাৰতেৰে সম্পৰ্ক আছে জ' বাইডেনৰ !

By

Published : Nov 10, 2020, 7:08 PM IST

নিউজ ডেস্ক, 10 নৱেম্বৰ : আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেই নহয়, আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জ‘ বাইডেনৰো ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক পোহৰলৈ আহিছে ৷ জানিব পৰা মতে, বাইডেনৰো পৈতৃক সুত্ৰে সম্পৰ্ক ভাৰতক চেন্নাইৰ সৈতে হ‘ব পাৰে ৷ এতিয়ালৈকে গৌৰৱৰ কথা আছিল যে, ভাৰতীয় মূলৰ কমলা হেৰিছ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ৷ কিন্তু এতিয়া আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰো বংশগত সম্পৰ্ক ভাৰতৰ লগত থকাৰ কথা চৰ্চালৈ আহিছে ৷ লণ্ডনৰ কিংগচ কলেজৰ ডিপাৰ্টমেণ্ট অৱ ৱাৰ ষ্টাডিজত অধ্যাপক টীম বিলাছী-বিল্চীৰ মতে, 19 শতিকাত ক্ৰিষ্টোফাৰ আৰু বিলিয়ন বাইডেন নামৰ দুই ভাতৃয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে কাম কৰিছিল ৷ অধ্যাপকগৰাকীয়ে কয় যে, এই ভাতৃদ্বয়ে লণ্ডন আৰু ভাৰতৰ মাজত যাত্ৰা কৰে ৷ 1843 চনত ৰংগুনত মৃত্যুৰ পূৰ্বলৈকে বিলিয়ামে কেবাখনো জাহাজৰ নেতৃত্ব বহন কৰিছিল ৷

জ‘ বাইডেনেও ইতিপূৰ্বে ভাৰতেৰে নিজৰ সম্পৰ্ক থকাৰ দাবী কৰিছে ৷ 2013 চনত প্ৰথম বাৰৰ বাবে জ‘ বাইডেন মুম্বাইলৈ আহিছিল ৷ 2015 ত জ‘ বাইডেন কৈছিল যে, তেখেতৰ বংশধৰ জৰ্জ বাইডেন আছিল ৷ যিজন জৰ্জ বাইডেন জ‘ বাইডেনৰ ককাদেউতাক আছিল আৰু তেখেত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন কেপ্তেইন আছিল ৷

লগতে পঢ়ক: বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details