অসম

assam

ETV Bharat / bharat

উগ্ৰপন্থীক এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ বিপ্লৱ দেৱৰ - ত্ৰিপুৰা চাহ উন্নয়ন নিগম

উগ্ৰপন্থীৰ বাবে ত্ৰিপুৰাত এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৷ উগ্ৰপন্থীৰ আক্ৰমণত BSF জোৱানৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷ পূৰ্বতে ত্ৰিপুৰাত বিদ্ৰোহী আন্দোলন আছিল যদিও বৰ্তমান সকলো পৰিস্থিতি নিয়ন্ত্ৰণত বুলি মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ ৷

Tripura CM Biplab Deb
biplab debs reaction on militant ambush

By

Published : Aug 6, 2021, 7:22 AM IST

আগৰতলা, 6 আগষ্ট : উগ্ৰপন্থীৰ বাবে ত্ৰিপুৰাৰ ভূমিত এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৷ শেহতীয়াকৈ ত্ৰিপুৰাত উগ্ৰপন্থীৰ আক্ৰমণত(militant ambush) দুগৰাকীকৈ BSF জোৱানৰ মৃত্যুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেৱে উগ্ৰপন্থীক এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ দিয়ে ৷

ত্ৰিপুৰাৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "এটা সময়ত ত্ৰিপুৰাত ব্যাপক বিদ্ৰোহী আন্দোলন দেখা গৈছিল ৷ কিন্তু, বৰ্তমান সকলো পৰিস্থিতি নিয়ন্ত্ৰণত আছে ৷" ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ(Tripura Tea Development Corporation) বাৰ্ষিক পুস্তিকাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত দেৱে এনেদৰে মন্তব্য আগবঢ়াই ৷

উগ্ৰপন্থীৰ বাবে ত্ৰিপুৰাত এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

লগতে পঢ়ক:ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক: অভিষেক বেনাৰ্জী

কিছু লোকে ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে বুলি দেৱে অভিযোগ উত্থাপন কৰে ৷ অৱশ্যে এনে লোকসকলৰ প্ৰচেষ্টা মষিমূৰ কৰাৰ বাবে BSF আৰু ত্ৰিপুৰা আৰক্ষীয়ে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:বিজেপি, কংগ্ৰেছৰ পাচত পুনৰ তৃণমূল কংগ্ৰেছত যোগদান সুবল ভৌমিকৰ

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ প্ৰতিপক্ষৰ(NLFT) কোনো লোক হতাহত হৈছে নেকি সেই কথা নিশ্চিত কৰাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে ৷ অৱশ্যে এই পৰ্যন্ত কোনো ফলাফল অহা নাই বাবে এই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷

লগতে পঢ়ক:100 শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ কৰা প্ৰথমখন ৰাজ্য হ’ব ত্ৰিপুৰা: বিপ্লৱ দেৱ

ৰাজ্যখনৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত বক্তব্য ৰাখি তেওঁ কয় যে, কৰ'ণা মহামাৰী সৃষ্ট পৰিৱেশৰ বাবে মাজভাগতে বন্ধ কৰি দিব লগা নিযুক্তি প্ৰক্ৰিয়া আগন্তুক তিনিমাহৰ ভিতৰত পুনৰ আৰম্ভ কৰা হ'ব ৷ TSR, Police আৰু SPO ৰ বাবেও অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ ৰাজ্যিক কেবিনেটে ইয়াৰ বাবে ইতিমধ্যে অনুমোদন দিয়া বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক:ত্ৰিপুৰাত পুনৰ পৃথক ৰাজ্যৰ দাবী

ABOUT THE AUTHOR

...view details