নেশ্যনেল ডেস্ক, ৮ মাৰ্চ: আন্তৰ্জাতিক মহিলা দিৱসৰ শুভ ক্ষণত বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে উত্তৰ ৰে'লৱেই । নিজৰ সাম্ৰাজ্য তথা প্ৰজাৰ স্বাৰ্থত যুদ্ধক্ষেত্ৰত সাহসেৰে যুঁজ দি সমগ্ৰ নাৰী জাতিৰ বাবে আদৰ্শ হৈ ৰোৱা ৭ গৰাকী মহিলা যোদ্ধাৰ নামেৰে উত্তৰ ৰে'লৱেই WDP4B আৰু WDP4D শ্ৰেণীৰ ৰে'ল ইঞ্জিন নামকৰণ কৰিছে । উদয় দেৱী, ৰাণী অহিল্য়াবাই, ৰাণী অৱন্তীবাই, ৰাণী লক্ষ্মীবাই, ৰাণী ভেলু নাচিয়াৰ, ৰাণী চেন্নাম্মা আৰু শালকাৰী বাইৰ নামেৰে ৭ টা ৰে'ল ইঞ্জিন নামকৰণ কৰা হৈছে ।
উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া দীপক কুমাৰে টোঘলকাবাদ শ্বেডৰ প্ৰদৰ্শন সন্দৰ্ভত কয় যে, উত্তৰ ৰে'লৱেই পাঁচ দশকতকৈও অধিক সময় ধৰি মহিলা যোদ্ধাক সন্মান প্ৰদৰ্শন কৰি আহিছে । এই বীৰাংগনাসকলে স্বাধীনতাৰ বাবে অৱতীৰ্ণ হোৱা যুঁজত তেওঁলোকৰ সেনা বাহিনীক নেতৃত্ব দিছিল । এই মহিলা যোদ্ধাসকলৰ প্ৰতি আগবঢ়োৱা সন্মানৰ চিন স্বৰূপে, উত্তৰ ৰে'লৱেই এই সাহসী যোদ্ধাসকলৰ নামেৰে টোঘলকাবাদ WDP4B আৰু WDP4D শ্ৰেণীৰ ইঞ্জিন নামকৰণ কৰিছে ।