অসম

assam

ETV Bharat / bharat

বিজেপি শাসিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ - No Trust in another BJP ruled Panchayat

দক্ষিণ ত্ৰিপুৰা জিলাৰ বিজেপি শাসিত দেৱদাৰু পঞ্চায়তৰ সভাপতিয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ জানিব পৰা মতে পঞ্চায়তখনৰ অধিকাংশ সদস্যই সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়াইছে ৷

No Trust in another BJP ruled Panchayat
বিজেপি শাসিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

By

Published : May 22, 2021, 7:17 PM IST

আগৰতলা, 22 মে’: ত্ৰিপুৰা বিজেপিয়ে ত্ৰিপুৰাত ডাঙৰ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো দক্ষিণ ত্ৰিপুৰা জিলাৰ বিজেপি শাসিত দেৱদাৰু পঞ্চায়তৰ সভাপতিয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

জানিব পৰা মতে পঞ্চায়তখনৰ অধিকাংশ সদস্যই সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়াইছে ৷ এই অনাস্থা প্ৰস্তাৱ এবছৰ পূৰ্বেই উত্থাপন কৰা হৈছিল যদিও শুকুৰবাৰেহে অসন্তুষ্ট গোটটোৱে উক্ত কথা ৰাজহুৱা কৰে ৷

দেৱদাৰু পঞ্চায়তৰ উন্নয়নমূলক কাম কাজবোৰ স্থবিৰ হৈ পৰাৰ কাৰণেই বিৰোধীসকলে কেইমাহমান আগতে "অনাস্থা" প্ৰস্তাৱ আগবঢ়াইছিল । পঞ্চায়তৰ 9 গৰাকী সদস্যৰ ভিতৰত সাতজন পঞ্চায়ত সদস্যই 2020 চনৰ জুন মাহতে অনাস্থা প্ৰস্তাৱ প্ৰদান কৰিছিল ।

বিজেপি শাসিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

দেৱদাৰু পঞ্চায়তৰ উপ-সভাপতি দেৱাশীষ ভৌমিকৰ মতে, ২০২০ চনৰ মাৰ্চ মাহত পঞ্চায়তৰ কিছুমান নিৰ্বাচিত সদস্যই প্ৰধানৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ পিছত একাংশৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈছিল । তেওঁ লগতে অভিযোগ কৰে যে, "প্ৰধানে পঞ্চায়ত সমিতিৰ উপাধ্যক্ষ আৰু অধ্যক্ষৰ অধীনত কাম কৰি আছিল । আমি অনিয়মেৰে পৰিপূৰ্ণ হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিছিলো ।"

উল্লেখ্য যে, 2020 চনৰ জুন মাহত অসন্তুষ্ট সদস্যসকলে জিলা পঞ্চায়ত বিষয়াৰ ওচৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল যদিও বিষয়টোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

"অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যদিও তাক নাকচ কৰা হৈছিল । কিছু ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী কৰা হৈছিল । কিন্তু কেৱল আমাৰ পঞ্চায়তত ৰাজনৈতিক প্ৰভাৱৰ বাবে এই প্ৰক্ৰিয়াত পলম হৈছিল ", ভৌমিকে কয় ।

লগতে পঢ়ক: আগৰতলা প্ৰেছক্লাবত টীকাকৰণ শিবিৰ

ABOUT THE AUTHOR

...view details