অসম

assam

By

Published : Jan 3, 2021, 5:46 PM IST

ETV Bharat / bharat

সৌৰভ গাংগুলীৰ বাইপাছ ছাৰ্জাৰীৰ দৰকাৰ নাইঃ চিকিৎসক

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে প্ৰদান কৰিছে এই মন্তব্য ৷

সৌৰভ গাংগুলীৰ বাইপাছ ছাৰ্জাৰীৰ দৰকাৰ নাইঃ চিকিৎসক
সৌৰভ গাংগুলীৰ বাইপাছ ছাৰ্জাৰীৰ দৰকাৰ নাইঃ চিকিৎসক

নিউজ ডেস্ক, 3 জানুৱাৰী :বুকুত বিষ অনুভৱ কৰাৰ পিচতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য ৷ চিকিৎসকৰ দলে তেওঁক নিৰীক্ষণত ৰখাৰ লগতে দেওবাৰে ৰাতিপুৱা ইচিজি পৰীক্ষণ সম্পন্ন কৰিছে ৷ তেওঁৰ ৰক্তপ্ৰবাহ আৰু অক্সিজেনৰ মাত্ৰা ঠিকে আছে বুলি চিকিৎসকৰ দলে মন্তব্য প্ৰকাশ কৰিছে ৷

চিকিৎসকৰ দলটোৱে গাংগুলীৰ বাইপাছ ছাৰ্জাৰীৰ কোনো প্ৰয়োজন নাই বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ সোমবাৰে চিকিৎসকৰ দলটোৱে গাংগুলীৰ এংজিওপ্লাষ্টিৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰিব বুলিও জানিবলৈ দিয়ে ৷ ইতিমধ্যে তেওঁৰ তিনিটা এংজিওপ্লাষ্টি সম্পন্ন কৰা হৈছে, যিহেতু তেওঁৰ ধমনী এতিয়াও বন্ধ হৈ আছে ৷

বুকুৰ বিষৰ লগতে বমি আৰু মুৰঘুৰণিৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিচিচিআইৰসভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ৷ 2 জানুৱাৰীত কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক ৷ শাৰীৰিক ব্যায়াম কৰি থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰা ক্ৰিকেটাৰগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল উডলেণ্ড চিকিৎসালয়ত ৷

লগতে পঢ়ক :24 ঘন্টা চিকিৎসকৰ তত্বাৱধানত থাকিব সৌৰভ গাংগুলী

ABOUT THE AUTHOR

...view details