নিউজ ডেস্ক, 1 অক্টোবৰ: অক্টোবৰ মাহত ভূপালত অনুষ্ঠিত হ’বলগীয়া যৌথ সমাৱেশ বাতিল হোৱাৰ পাছত বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ ভিতৰৰ কাম-কাজ লেহেমীয়া হোৱাৰ ধাৰণা দেওবাৰে কংগ্ৰেছে দূৰ কৰে ৷ ১৩ ছেপ্টেম্বৰত নতুন দিল্লীত I.N.D.I.A. মিত্ৰজোঁটৰ ১৩ জনীয়া সমন্বয় সমিতিৰ প্ৰথমখন বৈঠকৰ অন্তত সংগঠনটোৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেচি বেনুগোপালে যুটীয়া সমাৱেশ ঘোষণা কৰিছিল যদিও পিছত ইয়াক বাতিল কৰা হয় ৷
ইয়াৰ পিছৰ পৰাই বিৰোধী মিত্ৰজোঁটৰ পৰা আসন ভাগ-বতৰা, যৌথ প্ৰচাৰ বা যৌথ সমাৱেশৰ প্ৰস্তাৱিত স্থানৰ দৰে মূল বিষয়ৰ সৈতে জড়িত কোনো তথ্য পোৱা নগ’ল। তেওঁ কয়, ‘‘দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি আমাৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰচাৰত ব্যস্ত আৰু নিজ নিজ ৰাজ্যিক ইউনিটসমূহো ব্যস্ত ৷ কিন্তু, তাৰ অৰ্থ এইটো নহয় যে I.N.D.I.A. মিত্ৰতা নিস্তব্ধ হৈ পৰিছে আৰু সমান্তৰাল বৈঠক অনুষ্ঠিত কৰিব নোৱাৰি। যোৱা কেইসপ্তাহমানৰ পৰা আসন ভাগ-বতৰা, যৌথ প্ৰচাৰ আৰু ছ’চিয়েল মিডিয়া কৌশলৰ সৈতে জড়িত বহু আলোচনা দুৱাৰৰ আঁৰত চলি আহিছে ।’’ কংগ্ৰেছৰ সভাপতিৰ কাৰ্যালয়ৰ এআইচিচিৰ সমন্বয়ক চৈয়দ নাছিৰ হুছেইনে ইটিভি ভাৰতক এইদৰে কয়।
তেওঁ কয় য়ে, ‘‘যিহেতু এইটো কেন্দ্ৰীভূত মিত্ৰতা নহয়, গতিকে আলোচনা বেছিভাগেই ৰাজ্যসমূহত চলি আছে । ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ পাঁচদিনীয়া বিশেষ সংসদ অধিৱেশনৰ সময়ত আৰু যোৱা এসপ্তাহত নতুন দিল্লীত দলসমূহৰ মাজত কেইবাটাও ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয় ।’’
দলৰ ভিতৰুৱা সূত্ৰ মতে, I.N.D.I.A. মিত্ৰজোঁটৰ ছ’চিয়েল মিডিয়া আৰু যুটীয়া প্ৰচাৰ উপ-সমিতিসমূহে মুম্বাই আৰু দিল্লীত ব্যক্তিগতভাৱে বৈঠকত মিলিত হৈছে আৰু পৰৱৰ্তী আলোচনাসমূহ বিগত কেইবা সপ্তাহ ধৰি অনলাইনযোগে চলি আহিছে ৷ দলৰ ভিতৰুৱা লোকসকলে আৰু কয় যে যদিও নিৰ্বাচনমুখী কোনো ৰাজ্যতে যৌথ বৈঠক অনুষ্ঠিত নহ’ব পাৰে, তথাপিও উপযুক্ত স্থানত এনে সমাৱেশ অনুষ্ঠিত কৰাৰ বাবে আলোচনা চলি আছে ৷