অসম

assam

ETV Bharat / bharat

অত্যাৱশ্যকীয় সেৱাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয় : ইউ আই ডি এ আই - অত্যাৱশ্যকীয় সেৱা

যিসকল লোকৰ আধাৰ কাৰ্ড নাই সেইসকল লোক যাতে প্ৰতিষেধক গ্ৰহণ, ঔষধ, চিকিৎসালয়ত পঞ্জীয়ন হোৱাৰ পৰা বঞ্চিত হ'ব নালাগে বুলি মন্তব্য ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (ইউ আই ডি এ আই) ৰ ।

UIDAI
অত্যাৱশ্যকীয় সেৱাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয়

By

Published : May 16, 2021, 2:28 PM IST

নেশ্যনেল ডেস্ক, ১৬ মে': যিসকল লোকৰ আধাৰ কাৰ্ড নাই সেইসকল লোক যাতে প্ৰতিষেধক গ্ৰহণ, ঔষধ, চিকিৎসালয়ত পঞ্জীয়ন হোৱাৰ পৰা বঞ্চিত হ'ব নালাগে । এই মন্তব্য ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (ইউ আই ডি এ আই) ৰ । লগতে ইউ আই ডি এ আইয়ে স্পষ্টকৈ উল্লেখ কৰে যে অত্যাৱশ্যকীয় সেৱাৰ অজুহাত লৈ যাতে কোনো লোকে আধাৰ কাৰ্ডৰ অপব্যৱহাৰ নকৰে ।

এক বিবৃতিযোগে ইউ আই ডি এ আইয়ে কয় যে আধাৰৰ বাবে এক সুপ্ৰতিষ্ঠিত ব্যতিক্ৰম সঞ্চালন প্ৰণালী (ই এইচ এম) আছে আৰু ১২ অংকৰ বায়'মেট্ৰিক আইডিৰ অনুপস্থিতিত সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে ইয়াক অনুসৰণ কৰা উচিত । যদিহে কোনো লোকৰ আন কাৰণত আধাৰ কাৰ্ড নাথাকে তেন্তে তেওঁলোকক আধাৰ আইন অনুসৰি অত্যাৱশ্যকীয় সেৱাৰ পৰা বঞ্চিত কৰিব নালাগে ।

ইয়াৰ বাবে যোৱা ২০১৭ চনৰ ২৪ অক্টোবৰত এক নিয়মাৱলী জাৰি কৰা হৈছে । বিগত কিছুদিনে অত্যাৱশ্য়কীয় সেৱাৰে জড়িত লোকৰ আধাৰ কাৰ্ড নথকা হেতুকে চিকিৎসালয়ত ভৰ্তি হ'ব পৰা নাই । তাৰ প্ৰতি লক্ষ্য ৰাখি ইউ আই ডি এ আইয়ে এই মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: কৰ’ণা মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা উদ্যোগৰ 59 শতাংশ লাভ

For All Latest Updates

ABOUT THE AUTHOR

...view details