অসম

assam

ETV Bharat / bharat

বিৰোধীৰ বিশ্বাস ভঙাত পাৰ্গত নীতিশ কুমাৰ

লোক জনশক্তি পাৰ্টি (LJP)ত বিৰোধ সৃষ্টি কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আকৌ এবাৰ প্ৰমাণ কৰিছে যে তেওঁক কিয় বিহাৰৰ ৰাজনীতিৰ 'চাণক্য' বুলি কোৱা হয় । 'চাচা-ভাটিজা' খ্যাত পশুপতি কুমাৰ পাৰশ আৰু চিৰাগ পাছোৱান খণ্ডত, তেওঁ সতৰ্কতাৰে পৰ্যৱেক্ষণ কৰিছিল আৰু সঠিকভাৱে তাৰ অন্তৰালৰ কাম বোৰ সম্পাদন কৰিছিল ।

By

Published : Jun 18, 2021, 7:21 PM IST

Nitish Kumar
বিৰোধীৰ বিশ্বাস ভঙাত পাৰ্গত নীতিশ কুমাৰ

নেশ্যনেল ডেস্ক, ১৮ জুন :প্ৰবীণ ৰাজনীতিবিদ নীতিশ কুমাৰে তেওঁৰ ৰণনীতিত সফল হৈছে কাৰণ তেওঁ বিৰোধীৰ বিশ্বাস ভাঙিব পৰা এগৰাকী নিপুণ খেলুৱৈ । বিহাৰৰ ৰাজনীতিৰ কেইবাটাও উদাহৰণে প্ৰমাণ কৰে যে নীতিশ কুমাৰে তেওঁৰ বিৰোধীসকলক পৰাস্ত কৰিবলৈ এক নীৰৱ খেল খেলিছিল । সঞ্জয় সিং, শ্যাম ৰজক, অশোক চৌধুৰী, সঞ্জয় ঝা আৰু আন বহুতো যি এসময়ত নীতিশৰ বিৰোধীসকলৰ ঘনিষ্ঠ বিশ্বাসী আছিল কিন্তু পিছত তেওঁলোক সকলোৱে নীতিশ কুমাৰৰ প্ৰতি তেওঁলোকৰ আনুগত্য স্বীকাৰ কৰিছিল ।

এসময়ত স্বৰ্গীয় ৰাম বিলাশ পাছোৱানৰ সোঁ হাত বুলি গণ্য কৰা হৈছিল বৰ্তমান বিহাৰ বিধান পৰিষদৰ সদস্য JDU ৰ সঞ্জয় সিঙক । একেদৰে, শ্যাম ৰজক লালু প্ৰসাদৰ অতি ঘনিষ্ঠ আছিল আৰু তেওঁকো নীতিশে নিজৰ অধীনলৈ আনিছিল । অৱশ্যে যোৱা বছৰ ৰজক আকৌ এবাৰ তেওঁৰ পুৰণি শিবিৰলৈ উভতি গৈছিল। সঞ্জয় ঝা যিয়ে বিজেপিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এতিয়া JDUৰ এমএলচি । ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ পোনপটীয়া প্ৰৱেশাধিকাৰ লাভ কৰা বিহাৰ কংগ্ৰেছৰ এজন বিশিষ্ট মুখ অশোক চৌধুৰীয়ে নীতিশৰ শিবিৰত যোগদান কৰে ।

পাটনাস্থিত ৰাজনৈতিক বিশেষজ্ঞ ড৹ সঞ্জয় কুমাৰে কয় যে তেওঁক আক্ৰমণ কৰি অহা আৰু মূলসুঁতিৰ ৰাজনীতিত সক্ৰিয় হৈ থকা সকলো নেতাক ভাঙি পেলোৱাটো নীতিশৰ ৰণনীতিৰ অংশ। তেওঁ মিষ্টাৰ ক্লিন(Mr Clean) হৈ থাকিবলৈ আৰু তেওঁলোকক আনিবলৈ বা ভাঙিবলৈ নিজৰ মুখ বচাবলৈ এনেকুৱা পদক্ষেপ লয় যাতে তেওঁলোকে তেওঁৰ বিৰুদ্ধে কথা ক'ব নোৱাৰে । সঞ্জয় সিং, অশোক চৌধুৰী, শ্যাম ৰজক আৰু আনকি উপেন্দ্ৰ কুশৱাহা আৰু জিতন ৰাম মাঁঝিৰ দৰে এই নেতাসকলে নীতিশৰ সুশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ সদায় বিৰোধীসকলৰ ঘনিষ্ঠ বিশ্বাসীক ভাঙি বিষয়বোৰ সহজ কৰিবলৈ চেষ্টা কৰে । বিশেষজ্ঞগৰাকীৰ মতে কোনেও তেওঁৰ বিৰুদ্ধে কথা ক'বলৈ যাতে বাকী নাথাকে তাৰ বাবে তেওঁ এনে কৰে ।

তেওঁ লগতে কয় যে এনে পদক্ষেপৰ দ্বাৰা নীতিশে বিৰোধীসকলৰ কণ্ঠস্বৰ দুৰ্বল কৰে আৰু তেওঁক আক্ৰমণ কৰা নেতাসকলকো নিঃশেষ কৰি পেলায় । কেৱল এয়াই নহয়, তেওঁ আনকি সেই লোকসকলক সৰ্বশ্ৰেষ্ঠ উপায়েৰে ব্যৱহাৰ কৰে । সকলোৱে জানে এলজেপিত(LJP) সঞ্জয় সিঙ কেনে ধৰণৰ কামৰ বাবে বিখ্যাত আছিল । তেওঁ সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিছিল আৰু তেওঁ এতিয়া JDUৰ বাবে একেই কাম কৰি আছে । এসময়ত নীতিশক আক্ৰমণ কৰি থকা ৰজকে যোগদান কৰাৰ পিছত লালুক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল । একেদৰে অশোক চৌদাৰীয়ে তেওঁৰ আনুগত্য প্ৰমাণ কৰিবলৈ এখোজ আগুৱাই গৈছিল আৰু JDUৰ দলত চাৰিজন কংগ্ৰেছ MLCক আনিবলৈ সক্ষম হৈছিল ।

আনকি উপেন্দ্ৰ কুশৱাহাই নীতিশক তীব্ৰ আক্ৰমণ কৰিছিল আৰু এবাৰ তেওঁক ৰাজ্য খন শাসন কৰিবলৈ অক্ষম মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছিল । তেওঁ আনকি নীতিশক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । বৰ্তমান তেওঁ নীতিশৰ বাবে নতুন ত্ৰাণকৰ্তা হৈ পৰিছে আৰু নীতিশ কুমাৰৰ প্ৰতি তেওঁৰ আনুগত্য প্ৰমাণ কৰিবলৈ বিজেপিক আক্ৰমণ কৰিছে । একে সময়তে জিতন ৰাম মাঁঝিয়ে এবাৰ নীতিশক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়াৰ পিছত তেওঁ যথেষ্ট ক্ৰোধিত হৈছিল কিন্তু আজি তেওঁ নীতিশৰ প্ৰতি অনুগত্য স্বীকাৰ কৰিছে ।

বিহাৰৰ জ্যেষ্ঠ সাংবাদিক ৰবি উপাধ্যায়ে কয় যে নীতিশ কুমাৰে ভালদৰে জানে দল আৰু সংগঠনত কোনজন ব্যক্তিক কেনেদৰে ব্যৱহাৰ কৰা হ'ব । নীতিশে এনে লোকবিলাকৰ সন্ধান কৰে বা সেই লোকসকলক তেওঁৰ তললৈ আনে । নীতিশৰ কুশৱাহাৰ সৈতে তিক্ত সম্পৰ্ক আছিল কিন্তু তেওঁ নিজৰ মূল্য বুজি পাইছিল আৰু JDUত তেওঁৰ দলক একত্ৰিত কৰিছিল । মাঁঝিৰ সৈতেও একে ধৰণৰ কথা আছিল । কুৰ্মী ভোট বেংক ২ শতাংশতকৈ কম থকা স্বত্বেও নীতিশে ২০০৫ চনৰ পৰা ৰাজ্যখনত শাসন কৰি আহিছে । ইযাৰ পৰাই তেওঁৰ মনৰ খেলৰ স্তৰৰ উমান ল'ব পাৰি বুলিও উল্লেখ কৰে সাংবাদিক গৰাকীয়ে ।

LJPৰ ক্ষেত্ৰতো ৰাজনৈতিক বিশেষজ্ঞজনে কয় যে নীতিশে গোপনে গোটেই অভিযানটো পৰিচালনা কৰিছিল আৰু খুৰাক পশুপতি কুমাৰ পাৰশক নিঃশেষ কৰি চিৰাগ পাছোৱানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল । বৰ্তমান চিৰাগ বিহাৰত নীতিশৰ এক নম্বৰ ৰাজনৈতিক শত্ৰু । এইটো সত্য যে চিৰাগে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত নীতিশক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল যাৰ ফলত JDU ৰাজ্যখনৰ তৃতীয় নম্বৰ দল হৈ পৰিছিল ।

যদিও নীতিশ কুমাৰ পেছাত এগৰাকী অভিযন্তা ৷ তেওঁৰ পিতৃ স্বৰ্গীয় কবিৰাজ ৰামলাখন সিঙৰ দৰে তেওঁৰ পদক্ষেপ কাৰ্যকৰী কৰিছিল, যি এগৰাকী আয়ুৰ্বেদিক চিকিৎসক আছিল । যদি সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী নীতিশে তেওঁৰ ৰাজনৈতিক বিৰোধীসকলক ধ্বংস কৰিব বিচাৰে, তেন্তে তেওঁ এক গোপন পৰিকল্পনা ৰচনা কৰে আৰু লাহে লাহে কোনো হুলস্থুল নকৰাকৈ ইয়াক কাৰ্যকৰী কৰে । এইটো নীতিশৰ গুণ যাৰ বিষয়ে কেতিয়াবাহে কোনো লোকে উমান পাই নহ'লে সদায় ছিক্সাৰৰ এটা সুন্দৰ শ্বটেৰে খেলখন সমাপ্ত কৰে নীতিশে ।

লগতে পঢ়ক:ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details