নেশ্যনেল ডেস্ক, ২৮ আগষ্ট: দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Nirmala Sitharaman) । ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পিছত বহু দিন দৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ত্ৰিপুৰাত উপস্থিত হোৱা নাছিল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথম দিনটোতে জনজাতীয় লোকে বসতি কৰা অঞ্চলৰ উন্নয়নৰ বাবে আগবঢ়ালে পুঁজি । ত্ৰিপুৰাৰ পৰা ২৫ কিলোমিটাৰ দূৰত মোহনপুৰত অনুষ্ঠিত এখন সভাত অংশ লৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, এসপ্তাহৰ পৰা দহ দিনৰ ভিতৰত ১,৩০০ কোটি টকা ব্য়য়েৰে বহনক্ষম জীৱিকা আৰু আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যেৰে আৰম্ভ কৰিবলগীয়া এই প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰে অনুমোদন জনাব ।
প্ৰকল্পটো কেৱল ৰাজ্যখনৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ৰূপায়ণ কৰা হ'ব । তেওঁ কয় যে, ৰাজ্যখনৰ জনসংখ্যাৰ আধা অংশই অনুসূচীত জাতি আৰু জনজাতিৰ আৰু চৰকাৰে এই লোকসকলৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা লোৱা উচিত । ১,৩০০ কোটি টকাৰ প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশ্ব বেংক আৰু কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিব বুলি তেওঁ জানিবলৈ দিয়ে । কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁক জানিব পাৰিছে যে, ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত বাস কৰা লোকসকলে যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ।
কিয়নো, বহু অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগী পথ নাই । তদুপৰি, বিদ্যালয়ৰ অভাৱৰ আৰু আন বহু মৌলিক সুবিধা উক্ত অঞ্চলৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই । জৰুৰীকালীন পৰিস্থিতিত মানুহে সংযোগী পথ নথকাৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হয় ।