অসম

assam

By

Published : Dec 7, 2020, 9:29 PM IST

ETV Bharat / bharat

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সান্ধ্যআইন বাহাল থাকিব আহমেদাবাদত

গুজৰাটৰ আহমেদাবাদত সোমবাৰৰ পৰা সান্ধ্যআইন পুনৰ বৃদ্ধি কৰা হৈছে ৷ জিলাখনত এদিনত 306 গৰাকী নতুন ক'ভিড ৰোগী আক্ৰান্ত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ শেহতীয়া তথ্য অনুসৰি, জিলাখনত সৰ্বমুঠ ক'ভিড ৰোগীৰ সংখ্যা 52,030 গৰাকী ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে তথ্য ৷

Night curfew extended in Ahmedabad till further notice
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব আহমেদাবাদত সান্ধ আইন

নিউজ ডেস্ক, 7 ডিচেম্বৰ : ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে গুজৰাটৰ আহমেদাবাদত সোমবাৰৰ পৰা সান্ধ্যআইন পুনৰ বৃদ্ধি কৰা হৈছে ৷ চহৰখনত এদিনত 306 গৰাকী নতুন ক'ভিড ৰোগী আক্ৰান্ত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ শেহতীয়া তথ্য অনুসৰি, চহৰখনত সৰ্বমুঠ ক'ভিড ৰোগীৰ সংখ্যা 52,030 গৰাকী ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে তথ্য ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চহৰখনত 23 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ সান্ধ্যআইন জাৰি কৰা হৈছিল ৷ কিন্তু সোমবাৰে ৰাতিপুৱা চহৰখনৰ আৰক্ষী আয়ুক্ত সঞ্জয় শ্ৰীবাস্তৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সান্ধ্যআইন অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

নিৰ্দেশনা অনুসৰি, সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্যআইন বলবৎ হ'ব ৷ সেই সময়ছোৱাত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ উপৰিও সকলো লোকে ঘৰৰ ভিতৰত থাকিব লাগিব ৷ অৱশ্যে, অত্যাবশ্যকীয় সামগ্ৰী আৰু জৰুৰীকালীন সেৱা সমূহ এই আওতাত নপৰিব ৷

উল্লেখ্য যে, যিসকল লোকে সান্ধ্যআইন উলংঘন কৰিব তেওঁলোকক ভাৰতীয় দণ্ডবিধি আইনৰ 188 ধাৰাৰ অধীনত বিধি উলংঘন কৰাৰ অপৰাধত গোচৰ ৰুজু কৰা হ'ব ৷ একেদৰে, ৰাজকোট, ভাদুদৰা আৰু চুৰাটতও 21 নৱেম্বৰৰ পৰা সান্ধ্যআইন জাৰি কৰা হৈছে ৷

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ বলৰামপুৰত নাবালিকাক দলবদ্ধ ধৰ্ষণ

ABOUT THE AUTHOR

...view details