অসম

assam

ETV Bharat / bharat

ক'ভিড-19 : ৰাজনৈতিক অনুষ্ঠানৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ নিষেধাজ্ঞা

ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি ৷ 30 এপ্ৰিললৈ নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজ্য খনত অব্যাহত থাকিব সান্ধ্য আইন ৷ যিকোনো ধৰণৰ ৰাজনৈতিক সমাৱেশৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা ৷ নিৰ্দেশ উলংঘা কৰা সকলৰ বিৰুদ্ধে DMA and Epidemics আইনৰ অধীনত ৰুজু কৰা হ'ব গোচৰ ৷

By

Published : Apr 7, 2021, 10:39 PM IST

Night curfew extended across Punjab
30 এপ্ৰিল পৰ্যন্ত পঞ্জাৱত সান্ধ্য আইন বৃদ্ধি

নেচনেল ডেস্ক, 7 এপ্ৰিল:পঞ্জাৱত ক্ৰমাগতভাৱে বৰ্ধিত ক'ভিড-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে 30 এপ্ৰিল লৈকে ৰাজ্য খনত যিকোনো ধৰণৰ ৰাজনৈতিক সমাৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বুধবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰি কয় যে, এই নিৰ্দেশ উলংঘা কৰা সকলৰ বিৰুদ্ধে DMA and Epidemics আইনৰ অধীনত গোচৰ ৰুজু কৰা হ'ব ৷

বৰ্তমানলৈকে 12 খন জিলাত জাৰি হৈ থকা সান্ধ্য আইন নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া, শ্মশান আৰু বিবাহ আদিত উপস্থিত থাকিব পৰা লোকৰ সংখ্যা ঘৰৰ ভিতৰত 50 জন আৰু বাহিৰত 100 জনলৈ সীমিত কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ কাৰ্যালয়ত থকা অৱস্থাত প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালেই মাস্ক পৰিধান কৰাটো পঞ্জাৱ চৰকাৰে বাধ্যতামূলক কৰিছে ৷

বিদ্যালয় আৰু শিক্ষানুষ্ঠান সমূহ বন্ধ কৰাৰ দৰে আগতে আৰোপ কৰা প্ৰতিবন্ধকতা সমূহৰ সৈতে এই নিষেধাজ্ঞাবোৰ সংযুক্ত কৰা হৈছে ৷ এই সকলো নিষেধাজ্ঞা 30 এপ্ৰিললৈকে জাৰি থাকিব ৷ অৱশ্যে মল তথা দোকানৰ মালিক সমূহৰ বাবে এইক্ষেত্ৰত কিছু অৱকাশ প্ৰদান কৰা হৈছে ৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী গৰাকীয়ে যিকোনো এটা সময়ত দোকানসমূহত 10 গৰাকীকৈ লোকৰ প্ৰৱেশৰ অনুমতি দিছে ৷ ইয়াৰ পূৰ্বে ৰাজ্যখনত কোনো এখন মলত এটা সময়ত 100 গৰাকী লোকৰ প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল ৷

ৰাজ্যখনৰ ক'ভিড-19 পৰিস্থিতিৰ পৰ্যালোচনা কৰি অমৰিন্দৰে ৰাজ্যখনত ক'ভিড-19 সংক্ৰমণৰ লগতে মৃত্যুৰ হাৰ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, এইয়া এক গভীৰ চিন্তনীয় বিষয় যে, পঞ্জাৱৰ প্ৰায় 85 শতাংশ অধিক সংক্ৰমণৰ ঘটনা UK strain ৰ , যি অধিক সংক্ৰামক হোৱাৰ লগতে বিষাক্ত ৷

তেওঁ কয় যে, যদিও বিগত কিছু দিনত সংক্ৰমণৰ হাৰ কিছু পৰিমানে স্থিৰ হৈছে তথাপি বৰ্তমান যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সেইয়া নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁৰ হাতত কঠোৰতম ব্যৱস্থা লোৱাৰ বাহিৰে অন্য উপায় নাই ৷ তেওঁ কয় যে, ৰাজনৈতিক দল সমূহক অদিক লোকৰ সমাগম হ'ব পৰা অনুষ্ঠানৰ আয়োজন নকৰিবলৈ তেওঁ বাৰে বাৰে জনাই অহা আহ্বানৰ প্ৰতি কোনোৱে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ ৰাজনৈতিক সমাৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাধ্য হৈছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে যিকোনো ধৰণৰ ৰাজনৈতিক সমাৱেশত উপস্থিত থকা ৰাজনৈতিক নেতাৰ লগতে আয়োজক আৰু অংশগ্ৰহণকাৰী সকলৰ বিৰুদ্ধে DMA and Epidemics আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ বাবে আৰক্ষীৰ লগতে জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৷ তেওঁ কয় যে, এনে অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত সামগ্ৰীৰ যোগান ধৰা টেন্ট তথা অনুস্থান থলীৰ মালিকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব ৷

লগতে পঢ়ক:অকলে গাড়ী চলোৱাৰ সময়তো মাস্ক বাধ্যতামূলক:দিল্লী উচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details