নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ :সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) । বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰৰ একাধিক স্থানত সন্ত্ৰাসবাদ ষড়যন্ত্ৰ গোচৰৰ আধাৰত অভিযান চলাই সংস্থাটোৱে । কিন্তু কিহৰ আধাৰত সংস্থাটোৱে অনুসন্ধান চলাইছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । অৱশ্যে সঠিক সময় আহিলে সকলো কথা প্ৰকাশ কৰিব বুলি ক'লে সংস্থাটোৰ জ্যোষ্ঠ বিষয়াই ।
উল্লেখ্য যে প্ৰায় তিনিদিন পূৰ্বে NIAয়ে কাশ্মীৰৰ পৰা খুৰৰাম পাৰভেজ নামৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল । ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকা আৰু পাকিস্তানৰ এটা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পোনপটীয়া সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পাৰভেজক । সেয়ে পাৰভেজৰ গ্ৰেপ্তাৰৰ পাছতে NIAৰ এই অভিযানে সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
পাৰভেজ সম্পৰ্কে সংস্থাটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কৈছিল যে পাৰভেজ এটা নিষিদ্ধ পাকিস্তানী সংগঠনৰ অভাৰ গ্ৰাউণ্ড ৱৰ্কৰ্ছ (OWGs) আছিল । বিষয়াগৰাকীয়ে অৱশ্যে তদন্তৰ খাতিৰত নিষিদ্ধ পাকিস্তানী সংগঠনটোৰ নাম প্ৰকাশ কৰা নাছিল ।