নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী :NIA-ই চেন্নাই চহৰৰ ৬০ টাতকৈও অধিক স্থান আৰু তামিলনাডুৰ কেইবাখনো জিলাত কয়ম্বটুৰ আত্মঘাতী আক্ৰমণ সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (National Investigation Agency, NIA) দ্বাৰা গোচৰটোত জড়িত সন্দেহজনক আত্মঘাতী বোমাৰু আক্ৰমণৰ শংকা বিবেচনা কৰি একাধিক স্থানত তালাচী চলি আছে বুলি সূত্ৰত প্ৰকাশ (NIA raids over 60 locations in Chennai) ।
বিষয়াসকলৰ সূত্ৰ অনুসৰি, NIA-এ আইএছআইএছ সন্ত্ৰাসবাদী সংগঠনটোক সমৰ্থন কৰাৰ সন্দেহ থকা লোকসকলৰ চৌহদত তালাচী চলাই আছে (ISIS terrorist organisation) । লগতে তামিলনাডুত চেন্নাই, কয়েম্বটুৰ, মায়িলাডুথুৰাই, তিৰুনেলভেলি আৰু টেংকাচীকে ধৰি বহুতো জিলাত অভিযান চলি আছে ।
কয়ম্বটুৰ গাড়ী বিস্ফোৰণ গোচৰৰ তদন্তৰ সময়ত জব্দ কৰা বৃহৎ সংখ্যক নথি-পত্ৰৰ পৰা উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি শেহতীয়া অনুসন্ধান চলি আছে (Coimbatore car blast case) । এই ক্ষেত্ৰত ২০২২ চনৰ ২৩ অক্টোবৰত কয়ম্বটুৰৰ কোট্টাই ঈশ্বৰণ মন্দিৰৰ (Kottai Eeswaran Temple) সন্মুখত বিস্ফোৰকভৰ্তি গাড়ীখন বিস্ফোৰণ হোৱাৰ ফলত এজন ২৯ বছৰীয়া অভিযান্ত্ৰিক স্নাতকৰ অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । পিচত অভিযুক্ত যুৱকজনৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাটো ওলাই পৰে (NIA raids in Coimbatore suicide attack case)।
গাড়ী বিস্ফোৰণত নিহত লোকজনক জেমছা মুবিন বুলি চিনাক্ত কৰা হৈছিল । তেওঁ এটা মন্দিৰ আৰু অট্টালিকাত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল বুলি কোৱা হৈছিল । তাৰ পিছত NIA-ৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ তালাচীৰ পিছত জিলাখনত আৰু চেন্নাই চহৰত স্থানীয় কৰ্তৃপক্ষই উচ্চ সতৰ্কতা অৱলম্বন কৰে । অধিক তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে ।