নেশ্যনেল ডেস্ক, ১৮ আগষ্ট :সন্ত্ৰাসবাদৰ পুঁজি সম্পৰ্কীয় এক গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ-ৰ গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰিছে । জম্মু-কাশ্মীৰত সংস্থাটোৱে এই অভিযান চলোৱাৰ সময়তে আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সোপোৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
জানিব পৰা মতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই জম্মু আৰু কাশ্মীৰৰ বাথিন্দি অঞ্চলত অভিযান আৰম্ভ কৰিছে । অভিযান চলি থকাৰ মাজতে নিষিদ্ধ পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দুই অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰক আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ সোপোৰত গ্ৰেপ্তাৰ কৰে । ধৃত সন্ত্ৰাসবাদী কেইটাৰ পৰা কাৰ্ট্ৰিজ আৰু গ্ৰেণেড উদ্ধাৰ কৰা হয় । সোপোৰ আৰক্ষীয়ে এই গ্ৰেপ্তাৰ সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰি তদন্ত চলাই আছে ।
তথ্য অনুসৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সহযোগীসকলৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল । আৰক্ষীয়ে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰাখিছিল । অৱশেষত শুকুৰবাৰে সন্দেহজনক লোককেইটাক গ্ৰেপ্তাৰ কৰে । তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সম্পৰ্কীয় বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ধৃত দুয়োটাকে জেৰা কৰি আছে আৰু তেওঁলোকৰ সৈতে জড়িত আন লোকসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে ।