অসম

assam

ETV Bharat / bharat

Foreign funding case: নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ - Prabir Purkaystha arrested

‘‘বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন’’ৰ অধীনত গ্ৰেপ্তাৰ নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক ৷ বিদেশী পুঁজি সংগ্ৰহৰ গোচৰত গ্ৰেপ্তাৰ পুৰকায়স্থক ৷

Newsclick founder Prabir Purkaystha arrested
Foreign funding case

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:43 PM IST

নিউজ ডেস্ক, 3 অক্টোবৰ:নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক তদন্তৰ অন্তত গ্ৰেপ্তাৰ ৷ পৰ্টেলটোৰ বিদেশী পুঁজি আৱন্টনৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পুৰকায়স্থক ৷ দিল্লী আৰক্ষীয়ে মঙলবাৰে কেইবাজনো সাংবাদিকৰ ঘৰত অভিযান চলাইছিল । চীনৰ অপপ্ৰচাৰক উদগনি যোগোৱা এটা নেটৱৰ্কৰ পৰা নিউজ পৰ্টেলটোৱে ধন লাভ কৰাৰ অভিযোগত প্ৰতিষ্ঠাপক পুৰকায়স্থক সন্ত্ৰাসবাদ বিৰোধী আইন ‘‘বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন’’ (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।

দিল্লী আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, সময়ছোৱাত ৪৬ জন সন্দেহযুক্ত লোকক সোধা-পোছা কৰা হৈছে আৰু ডিজিটেল ডিভাইচৰ লগতে পৰীক্ষাৰ বাবে কেতবোৰ নথি-পত্ৰ জব্দ কৰা হৈছে । সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত দাখিল কৰা গোচৰত দিল্লী আৰক্ষীয়ে অনলাইন নিউজ পৰ্টেল আৰু ইয়াৰ সাংবাদিকৰ সৈতে জড়িত ৩০ টা স্থানত তালাচী চলায় । বিষয়াসকলে জনোৱা মতে, এই অভিযান অব্যাহত আছে ।

দিল্লী আৰক্ষীৰ বিশেষ কোষৰ কাৰ্যালয়ত ৩৭ জন সন্দেহযুক্ত লোকক সোধা-পোছা কৰাৰ বিপৰীতে ৯ গৰাকী সন্দেহযুক্ত মহিলাক নিজ নিজ থকা স্থানত সোধা-পোছা কৰা হয় । দিল্লী আৰক্ষীৰ মুখপাত্ৰ সুমন নলৱাই জনোৱা মতে, এতিয়ালৈকে দুজন অভিযুক্ত ক্ৰমে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক:PM Modi on KCR: কেচিআৰে এনডিএত যোগদান কৰিব বিচাৰিছিল, মই নাকচ কৰিছিলোঁ; প্ৰধানমন্ত্ৰী মোদীৰ দাবী

চক্ৰৱৰ্তী পৰ্টেলটোৰ আৰু গোচৰৰ সৈতে কেনেদৰে সংযুক্ত সেই সন্দৰ্ভত তাৎক্ষণিক তথ্য লাভ কৰা নাই । সোধা-পোছা কৰাসকলৰ ভিতৰত সাংবাদিক উৰ্মিলেশ, অনিন্দ্য চক্ৰৱৰ্তী, অভিসাৰ শৰ্মা, পৰাঞ্জয় গুহ ঠাকুৰ্তাৰ লগতে বুৰঞ্জীবিদ সোহেইল হাছমী আৰু চেণ্টাৰ ফৰ টেকন’লজি এণ্ড ডেভেলপমেণ্টৰ ডি ৰঘুনন্দনো আছিল ।

সূত্ৰৰ উদ্ধৃতি দি পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি বিদেশ ভ্ৰমণ, শ্বাহীনবাগত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ লগতে কৃষকৰ আন্দোলনকে ধৰি বিভিন্ন বিষয়ত আৰক্ষীয়ে ২৫ টা প্ৰশ্নৰ তালিকা উত্থাপন কৰে । সোধা-পোছা কৰা সকলক ক, খ আৰু গ তিনিটা ভাগত ভাগ কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

ভুৱনেশ্বৰত এক সভাত ভাষণ দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে দেশৰ তদন্তকাৰী সংস্থাসমূহ স্বতন্ত্ৰ আৰু আইন অনুসৰি কাম কৰে । "... যদি কোনোবাই কিবা ভুল কৰিছে, তেন্তে তদন্তকাৰী সংস্থাই কাম কৰে... ক'তো লিখা নাই যে যদি আপুনি অবৈধ পদ্ধতিৰে ধন পাইছে বা আপত্তিজনক কাম কৰিছে, তেন্তে তদন্তকাৰী সংস্থাই সেইটো তদন্ত কৰিব নোৱাৰে," ঠাকুৰে কয় ।

ইয়াৰ পূৰ্বে বলবৎকাৰী সঞ্চালকালয়ে প্ৰতিষ্ঠানটোৰ চৌহদত অভিযান চলাই ইয়াৰ ধনৰ উৎসৰ তদন্ত কৰিছিল । কেন্দ্ৰীয় সংস্থাটোৱে প্ৰদান কৰা ইনপুটৰ ভিত্তিত এতিয়া বিশেষ কোষে অনুসন্ধান অব্যাহত ৰাখিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বিশেষ কোষটোৱে সন্ত্ৰাসবাদ বিৰোধী আইন অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত নতুন গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details